'নাগৰিকত্ব সংশোধনী আইন-২০১৯' স্থগিতাদেশ সন্দৰ্ভত বুধবাৰে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানী।শুনানীৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৰ্বাঞ্চল বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে বুধবাৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সকলো মহাবিদ্যালয়-বিশ্ববিদ্যালয় সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছে।ছাত্ৰ সমাজে শুনানীত উচ্চতম ন্যায়ালয়ে অসাংবিধানিক তথা জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইনৰ উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণ ওপৰত প্ৰভাৱৰ বিষয়টো গুৰুত্বসহকাৰে নিৰীক্ষণ কৰিব বুলি আশা কৰে।উল্লেখ্য যে শুনাানীৰ শুননীৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ বন্ধ ঘোষণা কৰা উত্তৰ-পূূূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়সমূহৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়,ডিব্ৰুগড় বিশ্ববিদ্যালয়,নৰ্থ ইষ্টাৰ্ণ হিলছ ইউনিভাৰ্চিটী, তেজপুৰ বিশ্ববিদ্যালয়, অসম কৃষক বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, নাগালেণ্ড বিশ্ববিদ্যালয় অন্যতম।
- Log in to post comments
- 54 views