সোণোৱাল মন্ত্ৰীসভাত ৰাজহ আৰু শক্তিমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি দেওবাৰে নিজ সমষ্টি মাহমৰালৈ আহে যোগেন মহন।নৱ-নিযুক্ত মন্ত্ৰীগৰাকীয়ে সমষ্টিলৈ ঘূৰি অহাৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব (সংশোধনী)আইনৰ বিৰোধিতা কৰি তেওঁক ক'লা পতাকা প্রদর্শন কৰে।শিৱসাগৰ জিলাৰ গৌৰীসাগৰত 'আছু'সহ বিভিন্ন দল-সংগঠনে কলা পতাকা জোকাৰি বিজেপি গ' বেক, 'কা' আমি নামানো আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
- Log in to post comments
- 6 views