
সোণোৱাল মন্ত্ৰীসভাত স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ মাহমৰা সমষ্টিৰ বিজেপি বিধায়ক যোগেন মহনৰ।আহোম জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে মহনে স্থান পাইছে সোণোৱাল মন্ত্ৰীসভাত।আনহাতে,তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে চাহ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে সোণোৱাল মন্ত্ৰীসভাত স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰোৱাই দুয়োজনকে।উল্লেখ্য যে প্ৰথমে মাহমৰাৰ বিধায়কগৰাকীয়ে শপত গ্ৰহণ কৰে।তাৰ পিছতে শপত লয় তিনিচুকীয়াৰ চাহ জনগোষ্ঠীয় বিধায়কগৰাকীয়ে।
মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি যোগেন মহনে কয়-'অসমৰ ৰাইজ-বুদ্ধিজীৱী, সকলোৰে সহযোগিতাত নতুন দিনত ৰাইজৰ হকে কাম কৰিম।জটিল সন্ধিক্ষনত আমি শপত লৈছোঁ।বিভাগ চলি আছে,এতিয়া আমি গতিশীল কৰিব লাগে।মুখ্যমন্ত্ৰীয়ে কোৱা শূন্য সহনশীলতাৰ ওপৰত গুৰুত্ব দিয়া হ'ব।'
গুৰুত্বপূৰ্ণ কথা এই যে ১৯ জনীয়া সোণোৱাল মন্ত্ৰীসভাত বৰ্তমান ১৮ গৰাকী মন্ত্ৰী অন্তৰ্ভুক্ত হৈছে।ইফালে নতুন মন্ত্ৰী দুগৰাকীয়ে কি কি বিভাগ লাভ কৰিব,এই পৰ্যন্ত নিশ্চিত হোৱা নাই।তাৰ মাজতে উল্লেখ কৰিব লাগিব যে বৰ্তমান তিনিটা বিভাগ খালী হৈ আছে।
ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰমুখ্যে সোণোৱাল মন্ত্ৰীসভাৰ বহুকেইজন মন্ত্ৰী,বিধায়ক।
- Log in to post comments
- 24 views