অসমীয়া পিঠা-পনাৰ 'ভুৰুকা':চানমাৰিত জাতীয় চেতনাৰে স্বনিয়োজিত হোৱাৰ এটা প্ৰয়াস

Pic

#ৰাজকমল চাংকাকতি#

যিটো জাতিৰ জনতাৰ মাজত স্বনিয়োজনৰ কৰ্মসূচীৰ প্ৰতি আগ্ৰহ বেছি থাকে,যিটো জাতিৰ যুৱ-প্ৰজন্ম ব্যৱসায়-বাণিজ্য,বিভিন্ন পৰ্যায়ৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত আগৰণুৱা হয়-সেই জাতিটোৰ নিবনুৱা সমস্যাৰ সমাধান হৈ অৰ্থনৈতিক দিশত সবল হয়,জাতীয় পুঁজি টনকিয়াল হয়।তেনে জাতিক বিশ্বৰ আন জাতিয়ে সন্মানৰ চকুৰে চায়,তেনে জাতিৰ বিশ্বত প্ৰভাৱ বৃদ্ধি পায়।অসমীয়া জাতিটো কেইবাহাজাৰ বছৰীয়া গৌৰৱময় ইতিহাস থকা বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰে সমৃদ্ধ এটা জাতি।কিন্তু,সাম্প্ৰতিক আধুনিক যুগত অসমীয়া যুৱ-প্ৰজন্ম আন জাতিৰ যুৱ-সমাজৰ তুলনাত স্বনিয়োজনৰ বাবে যথোপযুক্তভাৱে আগ্ৰহী নোহোৱা পৰিলক্ষিত হৈছে;যাৰ বাবে নিবনুৱা সমস্যা গুৰুতৰ হৈ পৰিছে,জাতিটোৰ অৰ্থনৈতিক বুনিয়াদ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে।অৱশ্যে,ইয়াৰ মাজতো একাংশ অসমীয়া যুৱক-যুৱতীয়ে এই নিৰাশাজনক পৰিস্থিতিৰ পৰিৱৰ্তন কৰিবলৈ বিচাৰিছে,নিজে স্বনিয়োজিত হৈ যুৱ-প্ৰজন্মৰ অন্যান্যসকলৰ বাবেও আদর্শ স্থাপন কৰিবলৈ বিচাৰিছে।এই প্ৰতিবেদনত ক'বলৈ বিচৰা হৈছে  প্রত্যহ্বান গ্ৰহণ কৰি আগবাঢ়ি যোৱা এজন উদ্যোগী যুৱকৰ বিষয়ে।যুৱকজনৰ নাম বিদ্যুৎ জ্যোতি কলিতা।দৰং জিলাৰ ছিপাঝাৰত জন্ম গ্ৰহণ কৰা এই জাতিপ্ৰেমী যুৱকজনে গুৱাহাটী মহানগৰীত জাতীয় চেতনাৰে ব্যতিক্ৰমী এটা স্বনিয়োজনৰ পদক্ষেপ গ্ৰহণ কৰি অসমীয়া যুৱ-সমাজৰ অন্যান্যসকলৰ বাবে আদর্শ দাঙি ধৰিছে।

Pic

      এজন শিক্ষিত,জাতিপ্ৰেমী যুৱক বিদ্যুৎজ্যোতি কলিতা।মঙলদৈ কলেজত শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।বিশ্ববিদ্যালয়ত তেওঁ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ তৰ্ক আৰু আলোচনী বিভাগৰ সম্পাদকো হৈছিল ২০১৫-১৬ বৰ্ষত।বিদ্যুৎ জ্যোতি ইতিমধ্যে অসম প্ৰশাসনীয় সেৱাৰ পৰীক্ষাটো অৱতীৰ্ণ হৈছে।সম্প্ৰতি বিদ্যুৎ জ্যোতিয়ে গুৱাহাটীৰ চানমাৰিত উৰণীয়া সেতুৰ সমীপত এটা নতুন ধাৰণাৰে প্ৰতিষ্ঠা কৰিছে 'ভুৰুকা'।ভুৰুকা হৈছে পিঠা-পনাৰ দৰে অসমীয়া খাদ্য সম্ভাৰ উপলব্ধ হোৱা এখন খাদ্য বিপনী।ভুৰুকাত বহি গ্ৰাহকে তিলপিঠা,নাৰিকলৰ পিঠা,সুতুলি পিঠা,পানী পিঠা,টেকেলী পিঠা,নাৰিকলৰ লাড়ু আদিৰ লগতে কোমল চাউল,সান্দহকে ধৰি বিবিধ প্ৰকাৰৰ জলপান খাব পাৰিব।গ্ৰাহকে ভুৰুকাৰ পৰা উৎকৃষ্ট মানৰ বিবিধ পিঠা-পনা,বৰা চাউল,কোমল চাউল,গুড় আদি ক্ৰয় কৰি নিবও পাৰিব।এটা নতুন তথা জাতীয় চেতনা সংযুক্ত ধাৰণাৰে আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ প্ৰয়াস কৰা বিদ্যুৎ জ্যোতিৰ জীৱন সংগ্ৰামৰ কথা এইখিনিতে নিশ্চয় উল্লেখ কৰিব লাগিব।হাইস্কুলীয়া দিনতে পিতৃক হেৰুওৱাৰ পিছত জীৱনত সংগ্ৰাম কৰিয়েই বিদ্যুৎজ্যোতিয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিছিল।বিদ্যুৎ জ্যোতি আজি এজন উচ্চ শিক্ষিত আৰু আত্মনিৰ্ভৰশীল যুৱক হিচাপে পৰিচিত হোৱাৰ মূলতে তেওঁৰ মাতৃৰ ভূমিকা অনন্য।

Pic

    'ভুৰুকা'ত বিদ্যুৎ জ্যোতি কলিতাৰে 'NewsASN'ৰ পৰিচালন সম্পাদক নৱজ্যোতি কলিতা আৰু আমাৰ  বাৰ্তালাপ হৈছিল।এই বাৰ্তালাপত উদ্যোগী যুৱকজনে তেওঁ কেনেদৰে ভুৰুকা প্ৰতিষ্ঠা কৰিবলৈ পৰিকল্পনা কৰিছিল,সেই বিষয়ে উল্লেখ কৰিছিল।বিদ্যুতে কৈছিল যে তেওঁৰ অসমীয়া খাদ্য সম্ভাৰৰ প্ৰচাৰ-প্ৰসাৰৰ মাধ্যমৰে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ আকাংক্ষা মহাবিদ্যালয়ত পঢ়ি থকা দিনৰে পৰা আছিল।স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত প্ৰথমতে তেওঁ গুৱাহাটীৰ পদপথৰ সমীপত গণেশগুৰি, জুৰোড তিনিআলিত অস্থায়ী বিপনী পাতি অসমীয়া পিঠা-পনা বিক্ৰী কৰিছিল।সেই সময়তে তেওঁ সপোন দেখিছিল এখন স্থায়ী বিপনী প্ৰতিষ্ঠা কৰি তাত অসমীয়া খাদ্য সম্ভাৰ বিক্ৰী কৰাৰ কথাটো।সপোন দিঠকত পৰিণত কৰিবলৈ বিদ্যুৎ জ্যোতিয়ে পৰিশ্ৰম কৰি গৈছিল আৰু এদিন তেওঁৰ এই সপোনটোৱে বাস্তৱ ৰূপ পাইছিল।তেওঁ লগতে কৈছিল যে বৰ্হিৰাজ্যত চাকৰি বিচাৰি যোৱাতকৈ অসমীয়া যুৱক-যুৱতীয়ে নিজৰ ৰাজ্যৰ বিবিধ সম্পদক লৈ আত্মবিশ্বাসেৰে ব্যৱসায়-বাণিজ্য কৰি আত্মনিৰ্ভৰশীল হ'ব পাৰে।উল্লেখ্য যে শুভাকাংখী বন্ধু-বান্ধৱৰ সহায়ত বিদ্যুৎ জ্যোতিয়ে গুৱাহাটীৰ চানমাৰিত ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহত 'ভুৰুকা' স্থাপন কৰিছিল।বৰ্তমান ভুৰুকা বিপনীখনতে মানসন্মতভাৱে বিবিধ পিঠা আৰু জলপান প্ৰস্তুত কৰা হয় আৰু কিছু পিঠা বিদ্যুতৰ মাতৃয়ে ঘৰত প্ৰস্তুত কৰে।চাহৰ সৈতে এই পিঠা গ্ৰাহকে যথোপযুক্ত মূল্যত ক্ৰয় কৰিব পাৰে।বিদ্যুৎ জ্যোতিৰ লগতে তেওঁৰ ভাতৃয়ে লগ হৈ বৰ্তমান ভুৰুকা চলাই আছে।
      'ভুৰুকা'ৰ ধাৰণাটোত আৰু বিপনীখনৰ প্ৰতিটো অংশতে প্ৰতিফলিত হৈছে বিদ্যুৎ জ্যোতি কলিতাৰ জাতিপ্ৰেমী
মানসিকতাৰ আৰু অসমীয়া হোৱাৰ গৌৰৱৰ। বিপনীখনৰ সন্মুখত বিদ্যুৎ জ্যোতিয়ে লগাই ৰাখিছে অসমীয়া গামোচা আৰু জাপি।তেওঁ বিপনীখনৰ এটা অংশত কিছু মূল্যৱান অসমীয়া গ্ৰন্থ ৰাখিছে।এই কিতাপকেইখন ৰাখি তেওঁ এইটোৱে আশা কৰিছে যে তেওঁৰ বিপনীখনত গ্ৰাহক আহি পিঠা-জলপানৰ জুতি লোৱাৰ লগতে কিতাপো পঢ়ক।সমাজত গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ শক্তিশালী কৰাৰ দিশত উদ্যোগী যুৱকজনে এনেদৰেই নিজৰ ফালৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে।বিপনীখনত এটা ব্যতিক্ৰমী চিন্তাৰে বিদ্যুৎ জ্যোতিয়ে এটা বাঁহীও  ৰাখিছে,যাতে কোনো সংগীতপ্রিয় ব্যক্তিয়ে বিপনীখনত খাদ্য গ্ৰহণ কৰাৰ পিছত মন গ'লে বাঁহীৰ সুৰো তুলিব পাৰে।ইয়াৰ লগতে,বিদ্যুৎ জ্যোতিয়ে বিপনীখনৰ দেৱালত জাতিৰ সাহিত্য আৰু অন্যান্য ক্ষেত্ৰৰ ভেটি শক্তিশালী কৰা প্ৰথিতযশা অসমীয়াসকলৰ চিত্ৰও আঁৰি দিয়াৰ পৰিকল্পনা কৰিছে,যাতে বিপনীখনলৈ অহা গ্ৰাহকে এই মহান অসমীয়াসকলক শ্ৰদ্ধাৰে মনত পেলাব পাৰে।
      উদ্যোগী যুৱক বিদ্যুৎ জ্যোতি কলিতাৰ 'ভুৰুকা' এই বাবেই গুৰুত্বপূৰ্ণ যে ইয়াত ইয়াত জাতিপ্ৰেমৰ ধাৰণাৰে অসমীয়া পিঠা-জলপানৰ দৰে খাদ্য সম্ভাৰক জনপ্রিয়কৰণৰ প্ৰয়াস আছে।দক্ষিণ ভাৰতীয় ইডলি-ডোছাক  তামিল লোকসকলে যেনেদৰে জাতীয় চেতনা সমৃদ্ধ ব্যৱসায়িক দৃষ্টিভংগীৰে সমগ্র ভাৰততে জনপ্ৰিয় কৰি তুলিছে, ভুৰুকাক সেই দিশৰে পদক্ষেপ আখ্যা দিব পাৰি।দেশব্যাপি জনপ্ৰিয় কৰি তোলাৰ পূৰ্বে পিঠা-জলপানক প্ৰথমতে গাঁৱে-চহৰে অসমীয়াৰ প্ৰতি দিনৰ খাদ্য সামগ্ৰী হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব।ভুৰুকাৰ দৰে বিপনীয়ে এই দিশত কাম কৰিব বাবে ই গুৰুত্বপূৰ্ণ।এইখিনিতে এইটো কথা ক'ব লাগিব যে অসমীয়া পিঠা-জলপানৰ এনেদৰে ব্যৱসায়কৰণৰে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ যথেষ্ট সম্ভাৱনা প্ৰত্যক্ষ কৰা হৈছে।গুৱাহাটীৰ লগতে অসমৰ অন্যান্য স্থানত যদি জাতীয় চেতনা সমৃদ্ধ যুৱকসকল যদি নতুন আঁচনি লৈ এই ক্ষেত্ৰত আগবাঢ়ি আহে,তেন্তে ৰাজ্যৰ নিবনুৱা সমস্যা এটা পৰ্যায়লৈকে সমাধান হোৱাতো সহায়ক হ'ব।এতিয়া,বিদ্যুৎ জ্যোতি কলিতাৰ দৰে স্বনিয়োজনৰ দিশত বিশেষ আদৰ্শ স্থাপন কৰা জাতীয় চেতনা সমৃদ্ধ যুৱকসকলক ব্যৱসায়িক দিশত লাভৱান কৰিবলৈ সংকল্প গ্ৰহণ কৰিব লাগে প্ৰতিগৰাকী জাতিপ্ৰেমী অসমীয়াই।সংকল্প গ্ৰহণ কৰিব লাগে জাতীয় পুঁজি শক্তিশালী কৰাৰ দিশত নিজস্ব ভূমিকা পালন কৰিবলৈ।ভুৰুকাৰ জড়িয়তে জাতিৰ অৰ্থনৈতিক বুনিয়াদ সবল কৰাৰ প্ৰয়াস কৰা তথা অসমীয়া হোৱাৰ গৌৰৱ প্ৰকাশ কৰা ভুৰুকাৰ পৰা আমি প্ৰতিগৰাকী সচেতন অসমীয়াই ক্ৰয় কৰোঁ আহক পিঠা-জলপান।অসমীয়া পিঠা-জলপান জনপ্ৰিয় কৰাত সাধ্য অনুযায়ী অৰিহণা আগবঢ়াও।

Your Comments