আজি ভোগালী বিহুৰ উৰুকা।উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খাবলৈ ৰাজ্যৰ গাঁৱে-চহৰে প্ৰস্তুতি চলাইছে অসমীয়াই।ইতিমধ্যে ৰাজ্যৰ বহু এলেকাত ৰাইজে উৰুকাৰ নিশাত ভোজভাত খাবলৈ ভেলাঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে।ইফালে,উৰুকাৰ পুৱা ৰাজ্যৰ বহু প্ৰান্তৰত গাঁওবাসীয়ে গ্ৰামাঞ্চলৰ জলাশয়-পুখুৰীসমূহত যুগ-যুগ ধৰি চলি থকা পৰম্পৰা অনুযায়ী মাছ ধৰে।
উৰুকাৰ নিশাৰ প্ৰস্তুতিৰ অন্তৰ্গত আজি পুৱা মাছ ক্ৰয় কৰিবলৈ গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে।গুৱাহাটীৰ উজান বজাৰ,কাছাৰী বজাৰ আদিত আজি পুৱা মাছ ক্ৰয় কৰিবলৈ বহুসংখ্যক নাগৰিকৰ উপস্থিতি পৰিলক্ষিত হয়।
উল্লেখযোগ্য যে এইবাৰ মাঘ বিহু পালন কৰোঁতে অসমীয়াই জাতিধ্বংসী নাগৰিকত্ব(সংশোধিত)আইনৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব।
- Log in to post comments
- 47 views