জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে পুনৰ সৰৱ জনপ্রিয় শিল্পী জুবিন গাৰ্গ।ব্যাসকুছি হাইস্কুলৰ সোণালী জয়ন্তী অনুষ্ঠানত গীত পৰিৱেশনৰ মাজতে শিল্পী জুবিনে কয়- 'হিন্দু-মুছলিম আমি সকলো একেলগে এটা অসমীয়া জাতি।সেইটো দেখাব পাৰিলে চৰকাৰে গম পাব আমি আচলতে কি বস্তু।'
মুখ্যমন্ত্ৰীয়ে আমাক অকলশৰীয়া নকৰিব বুলি কোৱা প্ৰসংগ উল্লেখ কৰি শিল্পী জুবিনে কয়-'আমি পলিকটিক্স কৰিছোঁ নেকি?গান গোৱা মানুহে কেতিয়াবা পলিটিক্স কৰে নেকি?লাইফত মৰি গ'লেও নকৰো।বন্ধু বুলি কৈছোঁ তাতে ক্ষান্ত থাকক,নহ'লে পলিটিক্স একদম বন্ধ কৰি দিম।'
"'কা'ৰ বিৰুদ্ধে আন্দোলন কৰি গ্ৰেপ্তাৰ হোৱা শৃংখল চলিহাক মুকলি কৰি দিয়াত স্পষ্টকৈ কৈছোঁ আমাৰ ভাল লাগিছে।এতিয়া কথা হ'ল অখিল গগৈক মুকলি কৰি দিলে ভাল লাগিব।কাৰণ আমি ভুল কাম কৰা নাই"-জুবিনে কয়।
- Log in to post comments
- 34 views