ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ল অসম বিধানসভাৰ বিশেষ অধিৱেশন।ৰাজ্যপালৰ ভাষণৰ সময়তে উত্তপ্ত হয় বিধানসভা।নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিব গৈ শ্বহীদ হোৱাৰ ঘটনাৰ উল্লেখ কৰি বিধানসভা উত্তাল কৰি তোলে বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফে।হাতে-হাতে প্লে'কাৰ্ড লৈ উত্তাল কৰি তোলে সদন।ফলত আধাতে সামৰিব লগা হয় ৰাজ্যপালৰ ভাষণ।
আনহাতে,বিধানসভাৰ অধিৱেশনৰ চাহমেলো বৰ্জন কৰিছে বিৰোধী কংগ্ৰেছে।এই কথা জানিবলৈ দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।
'অসমত উন্নয়নমূলক কামসমূহ বন্ধ হৈছে।চাৰিওফালে এতিয়া আন্দোলন।আন্দোলনৰ বাবে দায়ী চৰকাৰ।চৰকাৰখন হত্যাকাৰী'-এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।
"য'ত মানুহ মৰিছে,তাত আমি কেনেকৈ চাহ মেলত অংশগ্ৰহণ কৰিম'-মুখ্যমন্ত্ৰী গগৈয়ে লগতে কয়।
উত্তপ্ত পৰিস্থিতিৰ বাবে ৪৫ মিনিটৰ বাবে স্থগিত ৰখা হয় সদন।
- Log in to post comments
- 22 views