হিন্দু হোৱাৰ বাবেই পাকিস্তান ক্ৰিকেট দলত মানসিক নিৰ্যাতন কৰা হৈছিল প্ৰসিদ্ধ স্পীনাৰ ডানিছ কানেৰিয়াক

Pic

ক্ৰিকেট বিশ্বত ভূমিকম্প!পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখতাৰে পাকিস্তানৰ ক্ৰিকেট দলত হিন্দু খেলুৱৈক দুৰ্ব্যৱহাৰ কৰাৰ বিষয় এটা পোহৰলৈ অনাৰ পিছত সমগ্র ক্ৰিকেট বিশ্বতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।আখতাৰে তেওঁৰ এটা চেট শ্ব'ত এসময়ত পাকিস্তানী দলৰ অভিন্ন অংগ,প্ৰসিদ্ধ স্পীনাৰ তথা হিন্দু খেলুৱৈ ডানিছ কানেৰিয়া হিন্দু ধর্মৰ হোৱাৰ বাবেই তেওঁক সহযোগী খেলুৱৈসকলে দুৰ্ব্যৱহাৰ কৰাৰ কথা উত্থাপন কৰিছিল।ইয়াৰ পিছতেই ক্ৰিকেট বিশ্বত বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল।

Pic

এতিয়া, স্বয়ং কানেৰিয়াইও আখতাৰৰ কোৱা কথাখিনি সত্য বুলি প্ৰকাশ কৰিছে।কানেৰিয়াই কৈছে যে তেওঁ হিন্দু হোৱাৰ বাবে একাংশ সতীৰ্থ খেলুৱৈয়ে তেওঁৰ সৈতে আহাৰ খাবলৈও আপত্তি কৰিছিল।হিন্দু হোৱাৰ বাবে কিছু খেলুৱৈয়ে তেওঁৰ সৈতে মাত-বোলো কৰিবলৈ বিচৰা নাছিল।কানেৰিয়াই লগতে কয় যে তেতিয়া তেওঁৰ এই মানসিক নিৰ্যাতনবোৰৰ বিষয়ে ক'বলৈ সাহস হোৱা নাছিল,কিন্তু এতিয়া তেওঁ এই বিষয়ে ক'ব।মানসিক নিৰ্যাতন কৰা সেই খেলুৱৈসকলৰ নামো তেওঁ উল্লেখ কৰিব।

Your Comments