আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কমিটী(আইচিচি)য়ে ক্ৰিকেট অনুৰাগীসকলক প্ৰশ্ন কৰিছিল যে চলিত দশকৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেট অধিনায়কজন কোন?এই প্ৰশ্নৰ উত্তৰত বিশ্বৰ অধিকসংখ্যক ক্ৰিকেটপ্ৰেমীয়ে নাম ল'লে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ নাম।এজন ক্ৰিকেটপ্ৰেমীয়ে টুইটাৰত লিখিলে-'প্রিয় অধিনায়ক,প্রিয় উইকেটৰক্ষক,প্ৰিয় খেলুৱৈ-এজনেই ব্যক্তি-এম এছ ধোনী।পাকিস্তানৰ এজন ক্ৰিকেটপ্ৰেমীয়ে লিখিলে-'পাকিস্তানৰ পৰা এম এছ ধোনীলৈ মৰম আৰু শ্ৰদ্ধা।উল্লেখযোগ্য যে এম এছ ধোনীৰ নেতৃত্বত ভাৰতে ২০০৭ চনৰ টী-২০ বিশ্ব কাপ,২০১১ চনৰ আইচিচি ক্ৰিকেট বিশ্বকাপ আৰু ২০১৩ চনত চেম্পিয়নছ ট্ৰফী জয় কৰিছিল।
- Log in to post comments
- 25 views