অষ্টাদশ এছিয়ান গেমছত টেনিছত মহিলাৰ ছিংগলছত ব্ৰঞ্জৰ পদক জয় কৰিছে ভাৰতৰ অংকিতা ৰাইনাই ৷ গুজৰাটৰ সন্তান অংকিতা বৰ্তমানৰ শীৰ্ষ স্থানৰ টেনিছ খেলুৱৈ ৷ এছিয়ান গেমছত টেনিছত মহিলাৰ ছিংগলছত পদক জয় কৰা অংকিতা ভাৰতৰ দ্বিতীয়গৰাকী খেলুৱৈ৷ ইয়াৰ পূৰ্বে ছানিয়া মিৰ্জাই ২০১০ বৰ্ষত ব্ৰঞ্জ আৰু ২০০৬ বৰ্ষত ৰূপৰ পদক জয় কৰিছিল৷
- Log in to post comments
- 7 views