কটনিয়ানৰ 'ৰণহুংকাৰ' A-Z

Pic

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ আহ্বানত শুকুৰবাৰে 'ৰণহুংকাৰ' কাৰ্যসূচীলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল তিনি সহস্ৰাধিকতকৈ অধিক শিক্ষাৰ্থী।লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকল।সকলোৰে স্পষ্ট কথা কোনো কাৰণতে মানি লোৱা নহব সংবিধান বিৰোধী,অসমীয়া জাতি বিৰোধী,ভাৰতীয় গণতন্ত্ৰক হত্যা কৰিব পৰা 'কেব'। উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন ষাণ্মাসিকৰ পৰীক্ষাৰ চলি থকাৰ মাজতো কটন বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা পথত ছাত্ৰ সমাজে আয়োজন কৰা 'ৰণহুংকাৰ' শীর্ষক কাৰ্যসূচীত উপস্থিত থাকি বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইয়ে কয়-'যি সময়ত দেশৰ ভণ্ড শাসকসকলে জাতিক বিক্ৰী কৰি ক্ষমতাৰ ৰক্ষা যুঁজত অৱতীৰ্ণ হৈছে,সেই সময়ত কটনৰ উদ্যোগত সমগ্ৰ ছাত্ৰ সমাজ ওলাই অহা কাৰ্যই মৰহি অহা জাতিটোৰ প্ৰাণত সজীৱতা আনিছে। ই আনন্দ আৰু গৌৰৱৰ কথা অসম ৰক্ষা কৰাৰ উদ্যোগ কটন বিশ্ববিদ্যালয়ৰ পৰাই আৰম্ভ হৈছে।স্বেচ্ছাচাৰী ভাৰত চৰকাৰ হতি যাবলৈ বাধ্য হ'ব।' যি সময়ত দিল্লী-দিছপুৰৰ শাসক সকলে জাতি-জনগোষ্ঠীসমূহক ভাগ ভাগ কৰি নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে,সেই সময়ত অসমৰ ছাত্ৰ সমাজে যি সংগ্রামৰ সূচনা কৰিছে,তাৰ বাবে তেওঁলোকক চালাম জনোৱাৰ কথা উল্লেখ কৰি জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাই কয়- 'এই সংগ্রাম অসমীয়া জাতি ৰক্ষাৰ সংগ্রাম,গণতন্ত্ৰৰ ৰক্ষাৰ সংগ্রাম আৰু সংবিধান ৰক্ষাৰ সংগ্রাম।ইয়াক কোনো পুলিচ-মিলিটেৰী তথা অন্য শক্তিয়ে ধ্বংস কৰিব নোৱাৰে। ইতিহাসৰ পাতে পাতে এই কথা জিলিকি থাকিব।'গাদীৰ স্বাৰ্থত মোডী-শ্বাহৰ চৰণ চুই যিসকল নেতাই কেব আনক বুলি কৈছিল,সেইসকল নেতাই আমাৰ মাজত বিভাজন আনিব নোৱাৰে।ছাত্ৰ সমাজৰ এটা সৰু অংশক কিনি লৈ যাব পাৰে,কিন্তু অসমৰ সমগ্ৰ ছাত্ৰ সমাজক কিনিব নোৱাৰে।তাৰে প্ৰমাণ কটনিয়ানৰ ৰণহুংকাৰ।' আনহাতে,কটনিয়ানৰ প্ৰচেষ্টাক ধন্যবাদ জনাই শিল্পী জুবিন গাৰ্গে কয়-'দিল্লীয়ে অসমক বুজি পোৱা নাই।কিন্তু আমি বুজাই দিম ভাৰতৰ অন্য ৰাজ্যতকৈ অসম যে বেলেগ।ইমান বছৰে ধৈৰ্য ধৰি আহিছোঁ,কিন্তু এতিয়া কেন্দ্ৰৰ বিৰূদ্ধে যুদ্ধ হ'ব সকলো একে লগে থাকি।' 'কেব কোনো কাৰণেতে মানি লোৱা নহ'ব, তাৰ বাবে আন্দোলন আৰম্ভ কৰিছোঁ আৰু চলি থাকিব।সকলো লগত থাকি প্রয়োজনত ইয়াতকৈ ডাঙৰ যুদ্ধ কৰা হব।১৯৭১ৰ পিছত ভগৱান হ'লেও অসমত থাকিব দিয়া নহব'-জুবিনে কয়। চৰকাৰক কিবা কোৱাৰ এতিয়া প্ৰয়োজন নাই।তেওঁলোকে সকলো জানে।আমি গণতান্ত্ৰিকভাৱে কেনেকৈ কেব বিৰোধিতা কৰিব পাৰো সেই কথাটো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি শিল্পী মানস ৰবীনে কয়-'কেব অসমৰ বাবে আটাইতকৈ বিপদজনক।তাৰ বাবে ৰাইজ ওলাই আহিব লাগে।কিন্তু দুখৰ কথা এই যে ৰাইজে কিমান আৰু আন্দোলন কৰিব।কাৰণ এতিয়া যিসকল নেতাই কেব আনিবলৈ বিচাৰিছে,সেই সকলে এদিন জাতি ৰক্ষাৰ বাবে ৰাইজৰ লগত আন্দোলন কৰিছিল।এতিয়া গাদী পায় পাহৰি গ'ল সকলো।' পূৰ্বতে যি হৈছে হ'ল,কিন্তু এতিয়াৰ পৰা যিসকল ছাত্ৰই এদিন ৰাজনীতিলৈ যাব সেই সকলক যাতে আমি প্ৰতাৰক-মিছলীয়া বুলি কব লগা নহয়,তাৰ বাবে সকলো ছাত্ৰ সমাজক আহ্বান জনাই নেত্ৰী মীৰা বৰঠাকুৰে কয়-'আমাৰ সংগ্রাম প্ৰতিহত কৰাৰ বাবে শাসক গোষ্ঠীয়ে চেষ্টা চলাই আছে।তাৰ বাবে আজি সকলো সংকল্পবদ্ধ হওঁক,যি কোনো মূল্যৰ বিনিময়ত তেওঁলোকে যাতে কাকো কিনিব নোৱাৰে।অতুল, সৰ্বা, কেশৱ, ফণী বস্তু হয়-তেওঁলোকক কিনিব পাৰে।কিন্তু সংকল্প লোৱা উচিত আমি বিক্ৰী যোৱা বস্তু নহয় বুলি।' 'দিল্লীৰ পঞ্চতাৰকা হোটেলত দুহেজাৰ টকীয়া ভাত খুৱাই সাহিত্য সভা, কাৰোবাক কিনিব পাৰে।কিন্তু অসমৰ প্ৰত্যেককে পঞ্চতাৰকাৰ হোটেলত দুহেজাৰ টকীয়া ভাত খোৱাই কিনিব নোৱাৰে'-বৰঠাকুৰে কয়। আনহাতে,কেবৰ বিৰুদ্ধে আন্দোলন কৰা সকলক কেব সমৰ্থক দিল্লী-দিছপুৰৰ নেতাই কয় আন্দোলনকাৰীসকলে কেব কি বুজি নাপাই আন্দোলন কৰিছে।সেই প্ৰসঙ্গৰ আঁত ধৰি নেত্ৰীগৰাকীয়ে কয়- 'কেব বুজি পোৱাসকলে কি এনে গৱেষক হ'ল,তেওঁলোকে গৱেষণা কৰি কৰি ৰাজনীতি কৰিছে।তোমালোকে কেৱল ইংৰাজী পঢ়িব পাৰা,আমি নোৱাৰো।তেওঁলোকেহে আমাক নীতিশিক্ষা দিয়ে।'অতুল,কেশৱ, ফণীৰ দৰে জাতি বিক্ৰী কৰা চৈতানক প্ৰচাৰ বেলতত পৰাজিত কৰাৰ বাবে সাজু হওক'-বৰঠাকুৰে আহ্বান জনায়। সমগ্ৰ কাৰ্যসূচীৰ উদ্যোগ লোৱা কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে কয়-'প্ৰথম অসম আন্দোলনৰ ইতিহাস ৰক্ষাৰ বাবে কটনৰ পৰাই আৰম্ভ দ্বিতীয় অসম আন্দোলন।কোনো দল-সংগঠনৰ বেনাৰত ছাত্ৰ সমাজ ৰাজপথলৈ ওলাই অহা নাই।সেই বাবে আমাৰ সংগ্রামক কোনোবাই কিনিব পাৰিব বুলি আমি নাভাবো।'

Pic

কটন কলেজ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক জিন্টু ঠাকুৰীয়াই কেব সন্দৰ্ভত অসম সাহিত্য সভাৰ স্থিতিক সমালোচনা কৰি কয়-'অসমবাসীয়ে জাতিক বিক্ৰী কৰা অসম সাহিত্য সভাৰ শুৱালকুচিৰ অধিৱেশন বৰ্জন কৰক।কাৰণ,যি সাহিত্য সভা এদিন জাতিৰ স্বনামধন্য ব্যক্তিসকলে অলংকৃত কৰিছিল,সেই সাহিত্য সভাক আজি পৰমানন্দ ৰাজবংশীৰ দৰে ব্যক্তিয়ে বিপথে পৰিচালিত কৰিছে।' ইয়াৰ উপৰিও শুকুৰবাৰৰ কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন,মনজিৎ মহন্ত,প্ৰশান্ত ৰাজগুৰু, অদীপ কুমাৰ ফুকন, লক্ষ্মীনাথ তামুলী, মনোৰম গগৈ,প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, শিল্পী বৰ্ণালী কলিতা, অমৃতা গগৈ,পদ্মনাভ বৰদলৈ,সূৰ্য দাস প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি। আনহাতে,কাৰ্যসূচীত অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়,তেজপুৰ বিশ্ববিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, জেবি আইন মহাবিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়ৰ অসমীয়া ছাত্ৰ সমাজৰ প্ৰতিনিধিয়ে।

Your Comments