কটনিয়ানৰ 'কেব'বিৰোধী 'ৰণহুংকাৰ'ত অংশগ্ৰহণ কৰি ডঃ হীৰেন গোহাঁই-'ছাত্ৰ সমাজৰ আন্দোলনে জাতিৰ মাজত জাগৰণ আনিব'

Pic

শুকুৰবাৰে কটনিয়ানৰ 'কেব'বিৰোধী 'ৰণহুংকাৰ' কাৰ্যসূচী অনুষ্ঠিত হয়।কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁইয়ে কয়-'ছাত্ৰ সমাজৰ আন্দোলনে জাতিৰ মাজত জাগৰণ আনিব।' 'বিজেপি চৰকাৰে আন্দোলন অথবা যুক্তি, একো কথা বুজি নাপায়।অসমৰ বিভিন্ন জনগোষ্ঠীৰ আবেগ-অনুভুতি,স্বাভিমান, অস্তিত্বৰ সংকট কোনো কথা বুজি নাপায়'-ডঃগোহাঁইয়ে কয়। অসমৰ ৰাইজক উদ্দেশ্য কৰি ডঃ গোহাঁইয়ে বক্তব্য প্ৰকাশ কৰে-'আমি মনত ৰখা ভাল জাতিৰ বিৰুদ্ধে বা কোনো ধৰ্মৰ বিৰুদ্ধে এই সংগ্রাম নহয়।আমাৰ সংগ্রাম স্বেচ্ছাচাৰী চৰকাৰৰ বিৰুদ্ধে।' 'অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ইমান আন্দোলন হোৱাৰ পিছতো চৰকাৰৰ চকু মেল খোৱা নাই।তাতে অনুমান কৰিব পাৰি বিজেপি দলটো কিমান স্বেচ্ছাচাৰী।তেওঁলোকৰ লক্ষ্য এটাই হিন্দু- মুছলমান মাজত বিভেদ সৃষ্টি কৰা'-ডঃ গোহাঁইয়ে মন্তব্য কৰে। পূৰ্বতে যুগে যুগে ছাত্ৰ সমাজে যি ত্যাগ কৰিছিল সেই ত্যাগৰ পথ লৈ আজি ছাত্ৰ সমাজ আগবাঢ়ি আহিছে,আমাৰ মাজত শক্তি বাঢ়িছে বুলি উল্লেখ কৰি ডঃ হীৰেণ গোহাঁইয়ে অসম আন্দোলনৰ কথাসমূহলৈ লক্ষ্য ৰাখি শৃংখলা ৰক্ষাৰে সকলো ছাত্ৰ-ছাত্ৰীক আন্দোলনত আগবঢ়াৰ আহ্বান জনায়।

Your Comments