অতীতৰ ঘৰখনত আজি এলাগী মৰমৰ নায়কজন:শ্বহীদ ভৱনত 'আছু'ৱে জ্বলালে প্ৰাক্তন আছু নেতা সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি

Pic

একালৰ জাতীয় নায়ক আজি প্ৰাক্তন সতীর্থসকলৰ ৰোষত।জাতিক বিক্ৰী কৰি একমাত্ৰ ক্ষমতাৰ স্বাৰ্থত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰি এতিয়া প্ৰাক্তন সতীৰ্থৰ ৰোষত প্ৰাক্তন আছু নেতা তথা বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।'কেব' সমৰ্থনকাৰী সোণোৱালৰ প্ৰতিমূৰ্তি দাহেৰে বুধবাৰে কামৰূপ(ম) আছুৱে শ্বহীদ ভৱনত সাৱ্যস্ত কৰে প্ৰতিবাদ। আছু কর্মীসকলে মুখ্যমন্ত্ৰী সোণোৱালৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰে। উল্লেখ্য যে মঙলবাৰে কেব সন্দৰ্ভত অমিত শ্বাহৰ সৈতে ৰাজ্য ৯ টাকৈ জাতীয় সংগঠন বৈঠকত মিলিত হৈছিল।যিখন বৈঠকত আছু নেতৃত্ব উপস্থিত থকাৰ লগতে উপস্থিত আছিল মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।জাতীয় সংগঠনৰ নেতৃত্বই গৃহমন্ত্ৰী শ্বাহৰ সন্মুখত জাতিধ্বংসী কেব কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব বুকি স্পষ্ট মত প্ৰকাশ কৰিছিল।কিন্তু,দিল্লীৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী সোণোৱালে। ইফালে,সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি আছু নেতৃত্বই সৰ্বানন্দ সোণোৱাল মুর্দাবাদ,অমিত শ্বাহ হায় হায়, নৰেন্দ্ৰ মোডী হুচিয়াৰ, বিজেপি গ'বেক,কেব কোনো কাৰণতে মানি লোৱা নহ'ব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

Your Comments