ডিমাছা শেষ ৰজাক লৈ বিৰ্তক অব্যাহত

dimasa_king

যোৱা ১৪ আগষ্টৰ দিনাখন 'কামপুৰ ' নিবাসী বয়োজ্যেষ্ঠ 'ধৰ্মেশ্বৰ থাউচেন কোঁৱৰ মৃত্যুৰ বাতৰিটো অসমৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত এক বিৰ্তক সুত্ৰপাত হৈছে ।একাংশই ধৰ্মেশ্বৰ কোঁৱৰক ৰজা হিচাপে মানি ল'ব বিচৰা নাই ।এই সৰ্ম্পকত মন্তব্য কৰিছে ডিমাচা সাহিত্য' সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক গোপাল থাউচেনে ৷ ধৰ্মেশ্বৰ কোঁৱৰ ৰজা হ'ব নোৱাৰে বুলি তেওঁ মন্তব্য কৰিছে । 

কাৰণ ডিমাচা ৰাজ্যৰ অন্তিম ৰজাজন হ'ল 'গোবিন্দ চন্দ্ৰ নাৰায়ণ হাস্নু' । তাৰ পিছত ডিমাচা ৰাজ্যৰ কোনো ৰজা নাছিল । তেতিয়াৰ পৰা আজিলৈকে ৰজাও নাই আনকি ৰাজ্যও নাই । তথাপি ডিমাচা সমাজখন কিছুমান ৰীতি নীতিৰ দ্বাৰা পৰিচালিত হৈ আহিছে । আৰু এই ৰীতি নীতি সমুহক ৪০ চেংফং, ৪২ জুলু আৰু দাইশ-জিগ্নীৰ সদস্যৰ দ্বাৰা পৰিচালনা কৰা হয় । তেনেকোৱা ব্যবস্থা থকা স্বত্বেও কিছুমান স্বাৰ্থপৰায়ণ ব্যক্তিয়ে 'ধৰ্মেশ্বৰ কোঁৱৰক ডিমাচাৰ অন্তিম ৰজা বুলি প্ৰচাৰ চলালে ।

কিন্তু, 'প্ৰয়াত ধৰ্মেশ্বৰ কোঁৱৰ' ডিমাচা ৰীতি-নীতিৰ দ্বাৰা পৰিচালিত সদস্য সকলৰ স্বীকৃতি প্ৰাপ্ত 'ডিমাচা ৰজা' নহয় বুলি কয় । অন্যহাতে, ২০০৮ চনত 'কামপুৰত' অনুষ্ঠিত হোৱা 'ডিমাচা জাতীয় সমাৰোহ'ত ধৰ্মেশ্ববৰ থাউচেন কোঁৱৰ 'ডিমাচা ৰজা' বুলি ঘোষণা কৰা সংগঠন কেইটা চৰকাৰি ভাবে পঞ্জীভুক্ত নহয় আৰু ডিমাচা সামাজিক ভাবেও স্বীকৃতি প্ৰাপ্ত সংগঠন নহয় । কেইজনমান ব্যক্তিৰ দ্বাৰা গঠিত সংগঠনহে মাত্ৰ ।

dimasa_thousan

আমি কলং-কপিলী নৈপৰীয়া ডিমাচা ৰাইজ আৰু মৃতকৰ আত্মীয়সকলক জনাব বিচাৰোঁ, যে আমি ইচ্ছাকৃত ভাবে এনে বিতৰ্ক্ আনিব বিচৰা নাই । যি সত্য তাকেহে অসমবাসীক উপস্হাপন কৰিব বিচাৰিছো ।’

ইফালে এই বিৰ্তকৰ আঁত ধৰি অৱসৰ প্ৰাপ্ত শিক্ষক কামপুৰৰ আটি কামপুৰৰ কমল লস্কৰে স্বৰ্ণ লতা বৰুৱাৰ ভাৰত বুৰঞ্জিত থকা কিছু কথা উপস্থাপন কৰি কয়- ‘১৮১৮ খ্ৰী:ত মণিপুৰৰ ৰজা মৰ্জিত সিংহই কছাৰী ৰাজ্য আক্ৰমণ কৰিছিল । গোবিন্দচন্দ্ৰই  মণিপুৰৰ নিৰ্বাসিত ৰজা চৌৰজিৎ সিংহৰ সহযোগত মৰ্জিত সিংহৰ আক্ৰমণ প্ৰতিৰোধ কৰে । কিন্তু কিছুদিন পিছতে চৌৰজিৎ সিংহই চক্ৰান্ত কৰি কছাৰী সিংহাসন অধিকাৰ কৰিলে ।

ইয়াৰ পিছৰ বছৰতে মানসকলে মণিপুৰ দখল কৰি মৰ্জিত সিংহ আৰু তেওঁৰ ভ্ৰাতৃ গম্ভীৰ সিংহ কছাৰী ৰাজ্যলৈ পলাই আহে । এই দুই ভাই-ককায়ে কছাৰী ৰাজ্যৰ বাকী অংশ অধিকাৰ কৰি লোৱাত গোবিন্দচন্দ্ৰ ৰাজ্য এৰি চিলেটলৈ পলাই গৈ বৃটিছৰ ভিক্ষা কৰেগৈ । বৃটিছে তেওঁৰ প্ৰাৰ্থনা নামঞ্জুৰ কৰাত উপায়ন্তৰ হৈ তেওঁ শেষত মান ৰজাৰ সহায় বিচাৰে । মানৰজাই গোবিন্দচন্দ্ৰৰ অনুৰোধক্ৰমে কছাৰী ৰাজ্য আক্ৰমণ কৰে ।

এই পৰিস্থিতিত কছাৰী  ৰাজ্যৰ কিছুমান মুখিয়াল বিষয়াই বৃটিছসকলৰ সহায় প্ৰাৰ্থনা কৰাত এই অনুৰোধ  ৰক্ষা কৰিবলৈ বৃটিছসকল মান্তি হয় । কাৰণ উত্তৰ-পূৱ ভাৰতত মানসকলৰ ক্ষমতা ক্ৰমান্বয়ে বৃদ্ধি পাই  অহাত বৃটিছসকলে মানসকলক বশীভূত কৰিবলৈ সংকল্প লৈছিল । বৃটিছে মানসেনাক ঘটুৱাই মান আৰু মণিপুৰী সকলক খেদি গোবিন্দচন্দ্ৰক পুনৰ কছাৰী ৰাজ্যৰ দক্ষিণাংশৰ ৰজা পাতে । ১৮৩০ খ্ৰী:ত তেওঁ অপুত্ৰক হৈ মৃত্যু হোৱাত ১৮৩২খ্ৰী:ত কছাৰী  ৰাজ্য বৃটিছৰ অন্তৰ্ভূক্ত হয় । 

গোবিন্দচন্দ্ৰৰ মৃত্যুৰ পিছত তুলাৰামে গোটেই কছাৰী ৰাজ্যৰ দাবী  তোলে । কিন্তু বৃটিছ চৰকাৰে তেওঁৰ দাবী অগ্ৰাহ্য কৰাত তেওঁৰ পূৰ্বৰ অধিকৃত কাছাৰৰ  উত্তৰৰ পৰ্বতীয়া অঞ্চলৰ শাসনকৰ্তা হিচাপে  বৃটিছৰ অধীনত কাৰ্যনিৰ্বাহ কৰিবলগীয়া হয় । ১৮৫৪ খ্ৰী:ত তেওঁৰ ৰাজ্য বৃটিছে হস্তগত কৰে ।তাৰ পিছত তুলাৰাম সেনাপতি পুত্ৰ নকুল ৰাম ৰজা হিচাপে আছিল ।নকুল ৰামৰ মৃত্যৰ পিছত তেওঁৰ পুত্ৰ বলিসিংক কামপুৰৰ নিজকামপুৰৰ পেহীয়েকে লৈ ডাঙৰ দীঘল কৰি সংস্থাপন দিয়ে ।বলিসিংৰ পুত্ৰ ধৰ্মেশ্বৰ কোৱৰ।

২০০৮ চনত কামপুৰত ডিমাচা অভিবৰ্তন পতা হৈছিল এই অভিবৰ্তনত ধৰ্মেশ্বৰ কোৱঁৰক ৰজা হিচাবে স্বীকৃতি দিয়া হৈছিল । সেই অভিবৰ্তনতে ত্ৰিপুৰা ৰজা উপস্থিত থাকি তৰোৱাল আদান প্ৰদান কৰিছিল । ২০০৮ চনৰ ডিমাচা অভিবৰ্তনৰ মূল পৃষ্ঠপোষক আছিল ডিমাচা স্বায়ত্ব পৰিষদ ।  
 

Your Comments