গুৱাহাটীত ৰাজীৱ ভৱন ঘেৰাও কৰি বিজেপি কৰ্মীৰ ৰাহুল গান্ধী গ' বেক ধ্বনি

Pic

মোডী চৰকাৰে ৰাফেল ক্ৰয়ৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছত কংগ্ৰেছৰ অভিযোগ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰাৰ পৰৱৰ্তী পৰ্যায়ত শনিবাৰে অসম ৰাজ্যিক বিজেপিয়ে ঘেৰাও কৰে অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় মহানগৰীৰ 'ৰাজীৱ ভৱন'।বিজেপিৰ পাঁচ শতাধিকতকৈ অধিক কর্মীয়ে মহানগৰীৰ জিএছ ৰোডেৰে দীঘলীয়া সমদল কৰি  ৰাহুল গান্ধী চোৰ হে, ৰাহুল গান্ধী হায় হায়, ৰাহুল গান্ধী গ' বেক ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। 

Pic

ইফালে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপিৰ গুৱাহাটী লোকসভাৰ সমষ্টিৰ সাংসদ কুইন ওজাই কয়-'ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ক্ষমা খোজক।ৰাফেল ক্ৰয়ৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে যি কথা কৈছিল, সেই কথা উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে-তাত প্ৰমাণ হ'ল ৰাহুল গান্ধী যে মিছলীয়া।তেওঁলোকে দেশৰ সুৰক্ষাৰ কথা কেতিয়া চিন্তা কৰা নাছিল আৰু এতিয়াও চিন্তা কৰা নাই সেই কথা  প্ৰমাণ হৈছে।'

ওজাই কয়-'ৰাফেল বহু বছৰ পূৰ্বে ক্ৰয় কৰিব লাগিছিল দেশৰ সুৰক্ষাৰ বাবে।কিন্তু তেওঁলোকে ক্ৰয় নকৰিলে।সেই বাবে দেশৰ নাগৰিকসকলে কংগ্ৰেছ দলটোক সম্পূৰ্ণভাৱে পৰিত্যাগ কৰিছে।আগলৈ তেওঁলোকে পুনৰ ক্ষমতা দখল কৰিব পাৰিব সেয়া সন্দেহ আছে।'

ইফালে বিজেপিৰ এগৰাকী কর্মী হিচাপে গৌৰৱ অনুভৱ কৰা বুলি উল্লেখ কৰি সাংসদ ওজাই কয়-প্ৰধানমন্ত্ৰী মোডীয়ে  সমগ্ৰ দেশৰ সুৰক্ষাৰ কথা চিন্তা কৰি ৰাফেল ক্ৰয় কৰিবলৈ বিচাৰিছিল,কিন্তু সেইটো কংগ্ৰেছ দলটোৱে গোচৰ তৰি বন্ধ কৰিছিল।'

ইফালে এই কাৰ্যসূচীৰ পৰাই ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলক সম্কীয়নি প্ৰদান কৰি কয়-'ৰাহুল গান্ধী সাৱধান,ভৱিষ্যতে এনেধৰণৰ কথাৰ পৰা বিৰত থাকিব, অন্যথা ইয়াৰ পৰিমাণ ভুগিব লাগিব।'

ইফালে সদাব্যস্ত জিএছ ৰোডত বিজেপিৰ প্ৰতিবাদৰ সময়ছোৱাত হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হয় সৰ্বসাধাৰণৰ নাগৰিকসকল।বহু সময় ধৰি বন্ধ হৈ পৰে জিএছ ৰোডত যান-বাহন চলাচলৰ।

Your Comments