মৃত ফালু দাসক ভাৰতীয় নাগৰিক ঘোষণা কৰাৰ দাবীত নলবাৰীত অৱস্থান ধৰ্মঘট পালন

Pic

নলবাৰীৰ পৰা হেমন্ত কলিতা:

নলবাৰীত কেইবাটাও দল-সংগঠনে বুুধবাৰে   অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তিনিঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে দল-সংগঠনকেইটাই । স্মমৰ্তব্য যে, ডিটেনচন কেম্পত বন্দী হৈ চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লৈছিল নলবাৰীৰ মুকালমুৱাৰ ফালু দাস নামৰ ব্যক্তিগৰাকীৰ ৷ মৃত ফালু দাসক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰাৰ দাবীতেই নলবাৰীত ভাৰত মুক্তি মৰ্চা, নলবাৰী জিলা অনুসূচিত জাতি পৰিষদ, নলবাৰী জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাকে ধৰি আঠটাকৈ সংগঠনে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদী সংগঠনকেইটাই মৃত ফালু দাসৰ পৰিয়ালক ২৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰো দাবী জনায় চৰকাৰক ।আনহাতে, প্ৰতিবাদী সংগঠনকেইটাই ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী,ৰাজ্যৰ মুখ্যমন্ত্ৰী, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ জিলা উপায়ুক্তৰ জৰিয়তে মৃত ফালু দাসৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে ৷

Your Comments