মঙলবাৰে বিয়লি গুৱাহাটী প্ৰেছ ক্লাবত বিশিষ্ট কবি বিজয় ৰবি দাসৰ কাব্যগ্ৰন্থ 'বাজীগৰ আৰু অন্যান্য কবিতা' উন্মোচন কৰা হয়।পিংকু মছাহাৰীৰ বৰগীতেৰে শুভাৰম্ভ হোৱা সভাখনত উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট কবি আনিছ উজ্ জামান।গ্ৰন্থখন উন্মোচন কৰি জামানে কয় যে বিজয় ৰবি দাস অসমৰ এগৰাকী আগশাৰীৰ কবি।তেওঁৰ কবিতাত প্ৰতিফলিত হোৱা ছবিখনো অসমৰ সমাজ জীৱনৰ দৰ্পণ।গ্ৰাম্য সৰলতাৰ লগতে মহানাগৰিক চেতনাও তেওঁৰ কবিতাত মূৰ্ত ৰূপত প্ৰতিফলিত হোৱা দেখা যায়।উক্ত অনুষ্ঠানতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কবি নীলিম কুমাৰে কয় যে বিজয় ৰবি দাসক সতীৰ্থ কবি হিচাপে লগ পাই তেওঁ আনন্দিত।দুয়ো সমসাময়িক কবি।ৰবি দাসৰ কবিতাৰ ভাষাশৈলী লেখত ল'বলগীয়া।বিশিষ্ট অতিথি হিচাপে আগশাৰীৰ কবি অনুভৱ তুলসীয়ে বিজয় ৰবি দাসক এগৰাকী সফল আৰু সমাদৃত কবি হিচাপে মন্তব্য কৰে।বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ঔপন্যাসিক মনালিছা শইকীয়াই বিজয় ৰবি দাসৰ কবিতাত আলোকপাত কৰাৰ লগতে সাৱলীল বক্তৃতা প্ৰদান কৰে।কবি অনুপম কুমাৰো বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাখনৰ আঁত ধৰে বিশিষ্ট কবি-সমালোচক বিপুল শৰ্মাই।উক্ত সভাত প্ৰকাশক ধীৰাজ কুমাৰ লহকৰেও বক্তব্য আগবঢ়ায়।
- Log in to post comments
- 29 views