ৰাজ্যত অবাধ হাৰত বৃদ্ধি পোৱা জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যৰে চলিত মাহতে সোণোৱাল কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাইছে 'আমছু'ৱে।মঙলবাৰে দিছপুৰস্থিত ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে।সংবাদমেলত ৰহমানে কয়- 'ৰাজ্য চৰকাৰৰ কেবিনেটত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে যি নীতিৰ গ্ৰহণ কৰাৰ কথা হৈছে,সেই নীতিত আমছু একমত।কাৰণ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজন।চৰকাৰৰ এই নীতিৰ প্ৰতি আমছুৱে পূৰ্ণ সহযোগিতা আগবঢ়াব।'
ইফালে কেবিনেটে গ্ৰহণ কৰা জনসংখ্যা নীতিক বিভিন্ন সময়ত একাংশ ৰাজনৈতিক দল তথা সংগঠনে বিতৰ্কৰ মাজলৈ নিব বিচৰা বিচৰা বুলি উল্লেখ কৰি ৰহমানে কয়-'কেবিনেটৰ নতুন জনসংখ্যা নীতিক লৈ ৰাজ্যখনৰ একাংশ ৰাজনীতিবিদ তথা নেতাই সস্তীয়া ৰাজনীতি কৰিবলৈ বিচাৰিছে।তেনে ৰাজনৈতিক নেতা তথা ব্যক্তিক ৰাজনীতিৰ নামত সহজ-সৰল লোকসকলক বিপথে পৰিচালিত নকৰিবলৈ সকীয়াই দিছোঁ।
আনহাতে, জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ শিক্ষাবিহীনতা আৰু দৰিদ্ৰতা বুলি উল্লেখ কৰি ৰহমানে কয়-'জনজাতীয় অঞ্চল, চৰ-চাপৰি আৰু পাহাৰীয়া অঞ্চলত বৰ্তমান সময়তো শিক্ষাৰ পোহৰ পৰা নাই।চৰকাৰে জনসংখ্যা নীতিৰ দৰে কিছুমান নীতিৰে সৰ্বসাধাৰণ অশিক্ষিত লোকক ভয় দেখুৱাব নালাগে।কাৰণ কাৰোবাক ভয় খুৱাই কোনো কামত সফল হ'ব নোৱাৰি।তাৰ পৰিৱৰ্তে চৰকাৰে উচিত গুণগত শিক্ষাৰে শিক্ষিত কৰি জনসাধাৰণৰ মাজত সজাগতা আনিব লাগে।'
ইফালে,সোণোৱাল কেবিনেটে ভূমিহীন খিলঞ্জীয়াক মাটি প্ৰদান কৰিব বুলি যি সিদ্ধান্ত গ্ৰহণ কৰিছে,সেই সিদ্ধান্তৰ আমছুৱে আদৰণি জনায়।কিন্তু লগতে চৰকাৰক আহ্বান জনায় খিলঞ্জীয়া কোন,সেয়া প্ৰথমে স্পষ্ট কৰিবলৈ।
সেই সন্দৰ্ভত ৰহমানে কয়-'কেবিনেটত গ্ৰহণ কৰা ভূমি নীতি সমৰ্থন কৰিছোঁ।কিন্তু চৰকাৰৰ কিছুমান মুখপাত্ৰই খিলঞ্জীয়া লোককহে মাটি দিব বুলি কৈছিল। কিন্তু খিলঞ্জীয়াৰ সংজ্ঞা এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই, চৰকাৰে ইয়াৰ সংজ্ঞা নিৰ্ধাৰণ কৰক।অসমত বাস কৰা জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো অসমীয়া লোক যাতে উপকৃত হয় তেনে নীতি গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছোঁ।'
- Log in to post comments
- 22 views