নৰেন শৰ্মা,বাহাৰঘাট:
পশ্চিম বড়িগোগ সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা মণ্ডপ,দেহাৰকুছিৰ সৌজন্যত আৰু সাৰথি হাস্পতাল,নলবাৰীৰ সহযোগত শনিবাৰে পুৱা ১১ বজাৰ পৰা মণ্ডপ প্ৰাংগনত এটা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয় ৷ প্ৰায় দুই শতাধিক ৰোগীক চিকিৎসা প্ৰদান কৰা উক্ত শিবিৰটো উদ্বোধন কৰে মণ্ডপ পৰিচালনা সমিতিৰ সভাপতি নিৰঞ্জন চন্দ্ৰ ডেকাই৷শিবিৰত কাৰ্ডিওলজি,মেডিচিন,চাৰ্জাৰী,পেডিএট্ৰিকচ,নিউৰোচাৰ্জাৰী আদিকে ধৰি কেইবাটাও বিশেষ ৰোগৰ চিকিৎসা প্ৰদান কৰাৰ লগতে ঔষধসমূহো বিনামূলীয়াকে বিতৰণ কৰে।শিবিৰত সাৰথিৰ তৰফৰ পৰা ডা°বৰদা কান্ত শৰ্মা,ডা°সুভাষ সিং,ডা°কিশোৰ কুমাৰ তালুকদাৰ,ডা°ৰাঘৱেশ ওজা,ডা°মলয় ৰঞ্জন ঢাল,ডা°ৰাজুমণি শৰ্মা আৰু সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক ডা°হেমেন কুমাৰ শৰ্মাই চিকিৎসা প্ৰদান কৰাৰ লগতে সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মীসকলে সহযোগিতা কৰে৷
- Log in to post comments
- 34 views