নিউজ ডেস্ক :
অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান খগেন শৰ্মাৰ শুকুৰবাৰে সন্ধিয়া বিয়োগ ঘটে।মহানগৰীৰ ছান ভেলি হাস্পতালত চিকিৎসাধীন অৱস্থাতে সন্ধিয়া ৭.১৫ বজাত দেহাৱসান ঘটে প্ৰাক্তন সঞ্চালক প্ৰধান গৰাকীৰ।উল্লেখ যে দীৰ্ঘদিনৰ পৰা যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা শৰ্মাক যোৱা ১৩অক্টোবৰত ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।
১৯৮২চনত আইপিএছ বিষয়া হিচাপে যোগদান কৰা বিষয়া গৰাকীয়ে ২০১৪চনত অসম আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব লাভ কৰিছিল।তাৰ পাছতে ২০১৫চনৰ নৱেম্বৰ মাহত সঞ্চালক পদৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল বিষয়া গৰাকীয়ে।উল্লেখ্য যে প্ৰাক্তন সঞ্চালক প্ৰধান গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৩বছৰ।
- Log in to post comments
- 6 views