ইটালীত প্ৰাচীন ৰথ উদ্ধাৰ! পম্পেইক লৈ স্তম্ভিত পুৰাতত্ত্ববিদ

carriage

ৰোমৰ চহৰ পম্পেইয়ে সচৰাচৰ আচৰ্য্যৰ সৃষ্টি কৰি আহিছে মানৱ সভ্যতাক। 

সম্প্রতি ইটালীৰ পুৰাতত্ত্ববিদসকলে প্রাচীন ৰোমান চহৰ এই পম্পেইৰ ধ্বংসস্তূপৰপৰা এখন ৰথ আৱিষ্কাৰ  কৰিছে।

Carriage

পম্পেই ৭৯ খ্ৰীষ্টাব্দত মাউণ্ট ভেচুভিয়াছৰ এক ভয়ঙ্কৰ আগ্নেয়গিৰি উদ্গীৰণৰ চিকাৰ হৈছিল।

Carriage

উক্ত স্থানত যি ৰথ পোৱা গৈছে, সেইখন দেখিবলৈ সুন্দৰ হোৱাৰ লগতে যথেষ্ট অদ্ভুতো। ৰথখনত লোহা ব্যৱহৃত হৈছে ৷ ইয়াৰোপৰি সুন্দৰ ব্ৰ’ঞ্জ আৰু টিনেৰে সজোৱা হৈছিল ৰথখন। ৰচী আৰু  ফুলৰ নক্সাও প্ৰত্যক্ষ কৰা হৈছে ৰথখনত । গৱেষকসকলৰ ধাৰণা, মূলতঃ উৎসৱ, শোভাযাত্রা, পদযাত্রাৰ দৰে অনুষ্ঠানত এই ধৰণৰ ৰথৰ ব্যৱহাৰ হৈছিল। ন-কইনাক নিবলৈও এই ধৰণৰ ৰথ ব্যৱহৃত হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে ৷

Your Comments