আজি হিমা দাসক প্ৰদান কৰা হ’ব উপ আৰক্ষী অধীক্ষক পদৰ নিযুক্তি পত্ৰ

Hima das

২৬ ফেব্ৰুৱাৰী শুক্ৰবাৰ অৰ্থাৎ আজিয়েই অসমৰ উপ আৰক্ষী অধীক্ষক পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব  অসমৰ সুসন্তান “ধিং এক্সপ্ৰেছ” হিমা দাসক । একেই অনুষ্ঠানতে আন ৫৯৭গৰাকী লোককো প্ৰদান কৰা হ’ব উপ পৰিদৰ্শক পদৰ নিযুক্তি পত্ৰ।

শুক্ৰবাৰে পুৱা ১০ বজাৰপৰা গুৱাহাটীৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত এই নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু এই অনুষ্ঠানতেই হিমা দাসৰ লগতে ৫৯৭ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰসমূহ প্ৰদান কৰা হ’ব ৷

Your Comments