মূল্যবৃদ্ধি বিৰুদ্ধে এজেপি কামৰূপ(ম) জিলা সমিতিৰ প্ৰতিবাদ

Protest

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদে সাব্যস্ত কৰিলে প্ৰতিবাদ । কামৰূপ(ম) জিলা সমিতিৰ প্ৰতিবাদ সমদলটো ব্ৰহ্মপুত্ৰৰ লাচিত ঘাটৰ পৰা কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখলৈকে আগবাঢ়ি গৈ জিলা উপায়ুক্তক তেওঁলোকৰ দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে ৷

Protest

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে জনতাৰ জীয়াই থকাৰ অধিকাৰ খৰ্ব হৈছে । মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাতো এখন চৰকাৰৰ অপশাসন আৰু জন বিৰোধী চৰিত্ৰৰ পৰিচায়ক বুলিও কয় ভূঞাই। কৃত্ৰিম মূল্যবৃদ্ধি ৰাজনৈতিক সন্ত্ৰাস বুলি অভিহিত কৰে তেওঁ।

অসাধু ব্যৱসায়ীসকলৰ পৰা শাসকগোষ্ঠী বিজেপিয়ে নির্বাচনী পুঁজি সংগ্ৰহ কৰাৰ বিনিময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি ৰাইজৰ মূৰত ৰামটাঙোন মৰা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰে কামৰূপ(ম) জিলা কমিটিৰ সভাপতি সঞ্জীৱ বৰাই।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত এজেপিৰ প্ৰায় শতাধিক কর্মীয়ে অংশগ্ৰহণ কৰে।

Your Comments