অনুপম নাথলৈ ২০২১ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা

PARAG KUMAR DAS AWARD

বুধবাৰে ৰাজ্যজুৰি পালন কৰা হয় প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ জন্ম দিন। প্ৰয়াত সাংবাদিক গৰাকীৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি সাহসী সাংবাদিক গৰাকীক স্মৰণ কৰি বিশিষ্ট ফটো সাংবাদিক অনুপম নাথক প্ৰদান কৰা হয় 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা-২০২১'।

গুৱাহাটীৰ প্ৰেছ ক্লাৱত এক গাম্ভীয্য পূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই প্ৰদান কৰে এই বঁটা।

উক্ত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সাংবাদিক অজিত কুমাৰ ভূঞা,মনোৰম গগৈ, প্ৰকাশ মহন্ত, গৌতম শৰ্মা প্ৰমুখ্যে বহু জ্যেষ্ঠ ব্যক্তি।

Your Comments