অসমৰ ৫ উগ্ৰপন্থী সংগঠনৰ ১০৪০গৰাকী সদস্যৰ অস্ত্ৰসম্বৰণ

Surrender

শংকৰদেৱ কলাক্ষেত্রৰ শ্রীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম আৰক্ষী আৰু অসম চৰকাৰৰ গৃহবিভাগৰ  উদ্যোগত অনুষ্ঠিত হোৱা অস্ত্ৰ সম্বৰণ কাৰ্যসূচীত অস্ত্ৰ ত্যাগ কৰি মূল সুঁতিলৈ উভতি আহিছে কাৰ্বি আংলঙৰ পাঁচটা বিদ্ৰোহী সংগঠন ক্ৰমে পিডিচিকে, কে এল এফ, কেএলএনএলএফ, কেপিএলটি, ইউপিএলএ-ৰ মুঠ ১০৪০ গৰাকী সদস্য।

Terrorist org

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত উগ্ৰপন্থী সংগঠন কেইটাই অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ উভতি আহে।

Surrender

অস্ত্ৰ সম্বৰণ কৰাৰ ভিতৰত আছে কেপিএলটিৰ ২৫৪ গৰাকী কেডাৰ। য’ত সংগঠনটোৱে ৬৯ টা অস্ত্ৰ আৰু ৪০৯জাই গুলি জমা দিয়ে, কেএলএনএলএফৰ ৩৩৮গৰাকী কেডাৰে ১৫১টা অস্ত্ৰ আৰু ৮৯৯৯টা সক্ৰিয় গুলি জমা দিয়ে, ইউপিএলএৰ ১৬৮ গৰাকী কেডাৰে ৮১টা অস্ত্ৰ, ৭৪৯টা গুলি আৰু ৮টা গ্ৰেণেড জমা দিয়ে, পিডিচিকেৰ ২২০ গৰাকী কেডাৰে ২৫টা অস্ত্ৰ, ৫০০টা গুলি জমা দিয়ে, সেইদৰে কে এল এফৰ ৬০ গৰাকী কেডাৰে ১২টা অস্ত্ৰ, ৫৪৬টা গুলি আৰু ২টা গ্ৰেণেড জমা দিয়ে অস্ত্ৰ সম্বৰণৰ সময়ত।

Weapons

উক্ত অস্ত্ৰসম্বৰণৰ কাৰ্যসূচীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তসহ শীৰ্ষ আৰক্ষী বিষয়া সকল উপস্থিত থাকে।

Your Comments