মৰিয়নীত বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিত বৃহৎ কেলেংকাৰী!

তদাৰকী কোষ

যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰিকল্পনা শাখাত মঙলবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটা দল উপস্থিত হৈ চৰকাৰী পুঁজিৰ অপব্যৱহাৰৰ ওপৰত তদন্ত আৰম্ভ কৰিছে। মৰিয়নী বিধানসভা সমষ্টিত বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰ দ্বাৰা ৰূপায়ণ কৰা আঁচনিসমূহত সংঘটিত কেলেংকাৰীৰ তদন্ত কৰিবলৈ আহিছে এই বিশেষ দলটো।

যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ “পৰিকল্পনা শাখা”ত মঙলবাৰে পুৱা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ ২০১১ চনৰ পৰা ২০১৭ চনলৈকে মৰিয়নী বিধানসভা সমষ্টিত বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিত সংঘটিত কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিব দলটোৱে ৷

অভিযোগ অনুসৰি, এই সময়ছোৱাত মৰিয়নী সমষ্টিত বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰে ৰূপায়ণ হৈছিল প্ৰায় ৭০০ উন্নয়নমূলক কাম। ইয়াৰ বহু আঁচনি প্ৰকৃতাৰ্থত ৰূপায়ণ নোহোৱাৰ লগতে বৃহৎ কেলেংকাৰীৰ অভিযোগ উঠি আছিল। এই অভিযোগৰ তদন্তৰ বাবেই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এই বৃহৎ দলটোৱে মঙলবাৰে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰিকল্পনা শাখাত অভিযান চলাই নথি–পত্ৰ জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। তদন্তকাৰী দলটোৱে জানিবলৈ দিয়া মতে, প্ৰথমে এই আঁচনিসমূহৰে জড়িত নথি–পত্ৰসমূহ পৰীক্ষা কৰি তাৰ পিছত সংশ্লিষ্ট স্থানসমূহলৈ গৈ তদন্ত আৰম্ভ কৰিব।

"আমি আজি এই অভিযোগ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছো। মৰিয়নী সমষ্টিত ২০১১ চনৰ পৰা ২০১৭ চনলৈকে “MLALAD আঁচনি”ৰ অধীনত বহু কাম সঠিক ৰূপত ৰূপায়ণ নোহোৱাৰ অভিযোগ আছিল। এই সময়ছোৱাত মৰিয়নীত ৰূপায়ণ কৰা প্ৰায় সাতশ উন্নয়নমূলক কামত প্ৰায় এক কোটি টকাৰ কেলেংকাৰী হোৱাৰ অভিযোগ আমাৰ হাতত আছে। আমি প্ৰথমে নথি–পত্ৰসমূহ পৰীক্ষা কৰি তাৰ পিছত ফিল্ডলৈ গৈ তদন্ত কৰিম।" তদন্তকাৰী দলটোত অহা উপ–আৰক্ষী অধীক্ষক মৃণাল শৰ্মাই এনেদৰে কয়।

Your Comments