গুৱাহাটীৰ ৰাজপথত দপদপাই জ্বলি উঠিল ১০৮ এম্বুলেন্স

Ambulance

গুৱাহাটী মহানগৰীৰ জটীয়াত সংঘটিত হ’ল অঘটনটো ৷ ৰোগী লৈ গুৱাহাটীৰ ৰাজপথেৰে আহি থকা এখন চলন্ত এম্বুলেঞ্চত ভয়ংকৰ অগ্নিকাণ্ড। জানিব পৰা অনুসৰি, চলন্ত অৱস্থাতে শ্বৰ্ট চাৰ্কিট হৈ জ্বলিল ১০৮ এম্বুলেঞ্চখন । এম্বুলেন্স খনে মহানগৰীৰ হায়াট হস্পিতাললৈ ৰোগী কঢ়িয়াই নিয়াৰ মূহূৰ্ততে ঘটনাটো সংঘটিত হয় ৷

Ambulance
অৱশ্যে ভাগ্যক্ৰমে ৰক্ষা পৰিল ১০৮ এম্বুলেঞ্চখনত থকা ৰোগী। ৰাজপথতে জ্বলি যোৱা এম্বুলেন্সখনৰ জুই অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহনে নিয়ন্ত্ৰণ কৰে। অগ্নিকাণ্ড সংঘটিত এম্বুলেন্স খনৰ নম্বৰ AS-01JC-7128।

Your Comments