আন্তঃজিলা বেডমিণ্টনত গুৱাহাটী চেম্পিয়ন

আন্তজিলা বেডমিণ্টনত গুৱাহাটী চেম্পিয়ন

যোৱা ১৮ আগষ্টৰ পৰা আৰম্ভ হোৱা ৬৬সংখ্যক ইউনেক্স ছানৰাইজ আন্তঃজিলা আৰু মুকলি বেডমিণ্টন প্ৰতিযোগিতাৰ আজি তৃতীয় দিনা অনূৰ্ধ্ব ১১ ল'ৰা শাখাৰ প্ৰি কোৱাৰ্টাৰ খেলসমূহ চলি থকাৰ লগতে ছোৱালীৰ ছেমি ফাইনেলত সুমিত্ৰা গগৈ, অনুধৃতি চেতীয়া, ভৱিষ্যা চাংমাই, প্ৰাপ্তি বৰুৱাই প্ৰৱেশ কৰাৰ লগতে অনূৰ্ধ্ব ১৩ ল'ৰাৰ শাখাত তৃতীয় ৰাউণ্ডৰ খেলসমূহ নিশাৰ ভাগলৈ অনুষ্ঠিত হ'ব।

অনূৰ্ধ্ব  ১৩ ছোৱালী শাখাত ফাৰিহা চাব্বা মীৰাজ আৰু চিল্কা গগৈ চূড়ান্ত পৰ্যায়ত প্ৰৱেশ কৰিছে । আনহাতে, অনূৰ্ধ্ব ১৫ ল'ৰাৰ তৃতীয় ৰাউণ্ডৰ খেলসমূহ পূৰ্ণগতিত চলি থকাৰ লগতে ছোৱালীৰ শাখাত ঈষাৰাণী বৰুৱা, ঋষিতা চলিহা, দীশা শৰ্মা, তানিয়া বৰদলৈয়ে ছেমি ফাইনেলত প্ৰবেশ কৰে ।

আন্তজিলা বেডমিণ্টনত গুৱাহাটী চেম্পিয়ন

ইফালে অনূৰ্ধ্ব ১৭ ল'ৰা শাখাৰ তৃতীয় ৰাউণ্ড চলি থকাৰ লগতে ছোৱালীৰ দেৱাহুতি লাহন, চুজান বুঢ়াগোঁহাই, ডিয়া বৰা, প্ৰিন্সি দাসে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ।

জানিবলৈ পোৱামতে, অনূৰ্ধ্ব ১৯ ল'ৰা-ছোৱালী দুয়োটা শাখাৰ প্ৰি-কোৱাৰ্টাৰ খেলসমূহ নিশা অনুষ্ঠিত হ'ব । লগতে পুৰুষ-মহিলা শাখাৰ খেলসমূহ ইতিমধ্যে দ্বিতীয় পৰ্যায়ত প্ৰৱেশ কৰিছে ।

উল্লেখ্য যে আন্তঃজিলাৰ চূড়ান্ত প্ৰতিযোগিতাত গুৱাহাটীয়ে ডিব্ৰুগড় জিলাক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰি পূৰ্বৰ সন্মান অক্ষুণ্ণ ৰাখে ।

Your Comments