বালি-চিমেণ্ট নহয়,কণী কুহুম,বেল,চূণ আদিৰে পুননিৰ্মাণ হৈছে সাহিত্যৰথীৰ সম্বলপুৰৰ বাসগৃহৰ: তাৰ মাজতে সোমবাৰে ১৫৫সংখ্যক জন্মদিন

Pressmet

আহোম স্বৰ্গদেওসকলৰ প্ৰাচীন নিৰ্মাণ প্ৰণালী অনুসৰণ কৰি চূণ,কণী কুহুম,বেলৰস আদি সামগ্ৰী প্ৰয়োগেৰে  নিৰ্মাণ চলাই থকা হৈছে উৰিষ্যা সম্বলপুৰৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সাধনাগৃহ আৰু বাসগৃহৰ।ভাৰত চৰকাৰৰ সন্থা 'ইণ্ডিয়ান নেচনেল ট্ৰাষ্ট ফ'ৰ আৰ্ট এণ্ড কালচাৰেল হেৰীটেজ' চমুকৈ 'ইণ্টেক'-এ অসম আৰু উৰিষ্যা চৰকাৰৰ সহযোগত বেজবৰুৱাৰ সম্বলপুৰত থকা সাধনাগৃহটোৰ কাম প্ৰায় ৪০ শতাংশ সম্পূৰ্ণ কৰিছে।২০২০চনৰ ২৬ মাৰ্চৰ পূৰ্বে  নিৰ্মাণকাৰী সন্থাটোৱে সাধনা গৃহটো সম্পূৰ্ণ কৰি সাহিত্যৰথী বেজবৰুৱাৰ ৮২ সংখ্যক মৃত্যু তিথি উৰিষ্যাৰ সম্বলপুৰৰ উক্ত সাধনা গৃহটোত আয়োজনৰ সুবিধা কৰিব বুলি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিক অৱগত কৰিছে।এই কথা শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি জানিবলৈ দিয়ে সমিতিখনৰ সাধাৰণ সম্পাদক ৰণ্টু ডেকাই। তেওঁ লগতে কয় নিৰ্মাণকাৰী সন্থাৰ আশ্বাসৰ ভিত্তিতে আগন্তক বেজবৰুৱা মৃত্যুৰ তিথি ২০২০চনৰ ২৬মাৰ্চত উৰিষ্যা সম্বলপুৰত আয়োজন কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

একেদৰে সংবাদ মেলখনতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰদ্যুত কুমাৰ চৌধুৰীয়ে প্ৰকাশ কৰে অহা ১৪ অক্টোবৰ সোমবাৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ১৫৫ সংখ্যক জন্মদিন দিনযোৰা কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱাৰ কথা। অসম সাহিত্য সভাৰ উদ্যোগত আৰু বেজবৰুৱাৰ জন্মস্থান আঁহতগুৰি আঞ্চলিক শাখা সাহিত্য সভাৰ সহযোগত উক্ত দিনা বেজবৰুৱাৰ জন্মস্থান মৰিগাঁও জিলাৰ আহতগুৰিত পুৱা ১০ বজা পৰা উদযাপন কৰা হ'ব জন্মদিন।জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে এখন সভা,য'ত উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী, 'বেজবৰুৱা এণ্ড সম্বলপুৰ' নামৰ ইংৰাজী গ্ৰন্থখনৰ লেখক তথা উৰিষ্যা সম্বলপুৰৰ  বিশিষ্ট সমাজকর্মী দীপক কুমাৰ পাণ্ডাকে আদি কৰি বহুসংখ্যক ব্যক্তি।

ইয়াৰ উপৰিও জন্মদিনৰ সন্ধিয়া ৫ বজাত লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে মহানগৰীৰ গুৱাহাটী ক্লাৱৰ গোল চকত থকা লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিত ১৫৫গছি বন্তি প্ৰজ্বলন কৰিব।তাৰ পাছতে সন্ধিয়া ৬.৩০বজাত দীপক কুমাৰ পাণ্ডাৰ ৰচিত  'বেজবৰুৱা এণ্ড সম্বলপুৰ' নামৰ ইংৰাজী গ্ৰন্থখনৰ অসমীয়া, বাঙালী,দেউৰী আৰু নেপালী ভাষালৈ অনুবাদ কৰা সংকলনকেইখন উন্মোচন কৰা হ'ব। মহানগৰীৰ দীঘলীপুখুৰীপাৰৰ অসম সাহিত্য সভাৰ ভৱনত গ্ৰন্থকেইখন উন্মোচন কৰিব কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: ভৱেশ গোস্বামী আৰু ড:অমৰজ্যোতি চৌধুৰীয়ে।উক্ত অনুষ্ঠানত উপস্থিত থাকিব দীপক কুমাৰ পাণ্ডাৰ লগতে তেওঁৰ সহধৰ্মিনী।

ইয়াৰ উপৰিও গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ ডক্টৰ হোমেশ্বৰ কলিতাই 
সংবাদমেলৰ জৰিয়তে অসমৰ সমূহ বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয়ক নিজৰ নিজৰ প্ৰাংগনত জন্ম দিনটোত এগছি বন্তি প্ৰজ্বলন কৰি সাহিত্যৰথী গৰাকীক নৱ-প্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ বাবে আহ

 সম্বলপুৰৰ বাসগৃহৰ দৰে জন্মস্থান মৰিগাঁও আহতগুৰিৰ ১৬বিঘা মাটি পৰ্যটনস্থলীলৈ  ৰূপান্তৰ কৰাৰ সন্দৰ্ভত আহতগুৰি শাখা সাহিত্য সভাই ৰাজ্য চৰকাৰক প্ৰস্তাৱ আগবঢ়াইছে যদিও এই বিষয়ত চৰকাৰে কোনো বিশেষ প্ৰদক্ষেপ গ্ৰহণ কৰা নাই বুলি প্ৰকাশ কৰিছে সমিতিখনে।

ইফালে কলিকতাৰ অসম ভৱনৰ সন্মুখত মিৰ্জাৰ ব্যক্তি বিতু কুমাৰ দাসে ৫০ শতাংশ ধন অকলে ব্যয় কৰি নিৰ্মাণ কৰা লক্ষ্মীনাথ বেজবৰুৱাৰপ্ৰতিমূৰ্তি ইতিমধ্যে প্ৰায় ৬০ শতাংশ কাম সম্পূৰ্ন হোৱা বুলি সমিতিৰ সাধাৰণ সম্পাদক ৰণ্টু ডেকাই জানিবলৈ দিয়ে।

Your Comments