
নিউজ ডেস্ক :
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমত অসমত উপস্থিত হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।গৃহমন্ত্ৰী হিচাপে হদায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ অসমলৈ অহা গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে দিনৰ ১১.৫০বজাত গুৱাহাটী বৰঝাৰ বিমান বন্দৰত উপস্থিত হয়। বিমানবন্দৰত গৃহমন্ত্ৰী গৰাকীক উষ্ম আদৰণি জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
তাৰ পাছতে গৃহমন্ত্ৰী গৰাকী অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়লৈ ৰাওনা হয়। তাত উত্তৰ-পূব পৰিষদৰ ৬৮সংখ্যক প্লেনেৰী ছেছনত অংশগ্ৰহণ কৰে।
গৃহমন্ত্ৰী গৰাকীয়ে আজি গুৱাহাটীতে থাকি সোমবাৰে পুৱাৰ ভাগতে শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চা চমুকৈ নেদাৰ বৈঠকত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 15 views