নিউজ ডেস্ক:
আইএনএক্স মিডিয়া গোচৰত বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিও আদালতে প্ৰাক্তন বিত্তমন্ত্ৰী পি চিডাম্বৰমক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।বৃহস্পতিবাৰে তেওঁৰ চিবিআইৰ জিম্মাৰ ম্যাদ সমাপ্ত হৈছিল।তিহাৰ কাৰাগাৰৰ ৭ নম্বৰ কোঠাত বৃহস্পতিবাৰৰ প্ৰথম নিশা পাৰ কৰে প্ৰাক্তন বিত্তমন্ত্ৰীজনে।
৭৩ বছৰীয়া চিডাম্বৰমক কাৰাগাৰত ৰুটি,দাইল আৰু তৰকাৰী দিয়া হয়।১৯ ছেপ্টেম্বৰলৈ তিহাৰ কাৰাগাৰত থাকিব লাগিব প্ৰভাৱশালী জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু প্ৰাক্তন বিত্তমন্ত্ৰীজন।অন্য কয়দীসকলৰ পৰা পৃথক কোঠাত ৰখা চিডাম্বৰমক এই সময়চোৱাত পুথিভঁৰাল ব্যৱহাৰ আৰু এটা নিৰ্দিষ্ট সময়ৰ বাবে টেলিভিছন উপভোগ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে।
- Log in to post comments
- 16 views