চিদাম্বৰমৰ অগ্ৰীম জামিন খৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ : জেল গমন  নিশ্চিত প্ৰাক্তন বিত্ত মন্ত্ৰীৰ !

cidambaram

নিউজ ডেস্ক :

আই এন এক্স মিডিয়াৰ গোচৰত চিবিআই জিম্মাত থকা প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ অগ্ৰীম জামিন আৱেদন আজি খাৰিজ কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। বৃহস্পতিবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰাক্তন বিত্ত মন্ত্ৰী গৰাকীৰ অগ্ৰীম জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে কয় "তেওঁক অগ্ৰীম জামিন দিলে অনুসন্ধানত ব্যাহত হোৱাৰ সম্ভাৱনা আছে।সেই বাবে এতিয়া জামিন দিব পৰা নাজাব প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীক"।

লগতে ন্যায়ালয়ে শুনানি গ্ৰহণ কৰাৰ সময়ত কয় "ঘটনাৰ উচিত তদন্তৰ বাবে অনুসন্ধানকাৰী সন্থাক পূৰ্ণ স্বাধীনতা দিয়াৰ প্ৰয়োজন আছে বুলিও উল্লেখ কৰে"।

উল্লেখ্য যে আই এন এক্স মিডিয়াৰ গোচৰত যোৱা ২১আগষ্টত চিবিআইৰ হাতত গ্ৰেপ্তাৰ হোৱা পি চিদাম্বৰমৰ আজি শেষ হ'ব চিবিআইৰ জিম্মাৰ ম্যাদ।

ইফালে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত ইডিয়ে দোষী সাব্যস্ত কৰা প্ৰাক্তন বিত্ত মন্ত্ৰী গৰাকী সন্দৰ্ভত আজি আদালতক জনায় যে তেওঁলোকৰ হাতত উপযুক্ত প্ৰমাণ আছে। ইয়াৰ উপৰিও তদন্তকাৰী সন্থা দুটাই আদালতত জনায় যে অভিযুক্তই বিভিন্ন সময়ত তথ্য নষ্ট কৰাৰ বাবে চেষ্টা চলাই আহিছে যদিও চিদাম্বৰমৰ পুত্ৰ কাৰ্তিক চিদাম্বৰম আৰু তেওঁৰ সহযোগীৰ ১৭টাকৈ বেংক একাউণ্টৰ নতুন তথ্য তেওঁলোকে ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হোৱা বুলিও উল্লেখ কৰে।

আনহাতে চিবিআই ম্যাদ আজি অন্ত পৰাৰ পাছতে যিকোনো মুহূৰ্ততে প্ৰাক্তন বিত্ত মন্ত্ৰী গৰাকীক তদন্তৰ বাবে ইডিয়ে গ্ৰেপ্তাৰ কৰা পূৰ্ণ সম্ভাৱনা আছে।

Your Comments