বিজেপিত যোগ দিলে প্ৰাক্তন অগপ মন্ত্ৰী ৰেখাৰাণী দাস বড়োৱে

das boro

আঞ্চলিকতাবাদী ৰাজনীতিক বিদায় জনাই ৰাষ্ট্ৰীয়তাবাদী দল বিজেপিত আনুষ্ঠানিকভাৱে যোগ দিলে প্ৰাক্তন অগপ মন্ত্ৰী ৰেখাৰাণী দাস বড়োৱে।বৰমা সমষ্টিৰ প্ৰাক্তন বিধায়িকা দাস বড়ো প্ৰফুল্ল মহন্ত নেতৃত্বাধীন অগপ চৰকাৰত মন্ত্ৰী আছিল।

 

বুধবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত  ৰাজ্যিক কাৰ্যালয়ত ৰেখাৰাণী দাস বড়োৱে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত দলটোত যোগদান কৰে।বিগত বর্ষত বিজেপি চৰকাৰৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা অসম গণ পৰিষদৰ প্ৰাক্তন বিধায়িকাগৰাকীয়ে বিজেপিত যোগদান কৰি কয়-মোডীৰ সাহসীকতা আৰু দৃষ্টান্তমূলক সিদ্ধান্তবোৰে ভাৰতীয় ৰাজনীতিত এতিয়া প্ৰভাৱ বিস্তাৰ কৰিছে। মোডীৰ নীতি- আদর্শসমূহে  অনুপ্ৰাণিত কৰা ফলত আজি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ"।

 

ইফালে,ৰেখাৰাণী দাস  বড়োৰ লগতে আজি ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ কুৰি গৰাকীৰো অধিক মহিলাই বিজপিত যোগদান কৰে।ইয়াৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা নীলিমা ভাগৱতী,সমাজসেৱিকা পদ্মা কলিতা,অধিবক্তা মেঘমল্লা শৰ্মা,আৰতি কলিতা,জ্যেষ্ঠ অধিবক্তা নিৰুপমা কলিতা অন্যতম।

Your Comments