আক্ৰাছুৰ আভ্যন্তৰীণ কন্দলৰ অৱসান,পূৰ্বৰ পদতে বাহাল থাকিল সাধাৰণ সম্পাদক গোকুল বৰ্মন

aakrasu

বঙাইগাঁওঃ 

অৱশেষত আক্ৰাছুৰ মজিয়াত চলি থকা আভ্যন্তৰীণ কন্দলৰ আজি অৱসান ঘটে ৷ ইয়াৰ ফলস্বৰূপে সংগঠনটোৰ সাধাৰণ সম্পাদকৰ পদত পুনৰ গোকুল বৰ্মনক বাহাল ৰখা হয় ৷ উল্লেখ্য যে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মজিয়াত চলি থকা আভ্যন্তৰীণ কন্দলৰ সমাধানৰ বাবে আজি সংগঠনটোৱে বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত আক্ৰাছু, কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আহ্বান কৰিছিল ৷ এই গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মজিয়াত চলি থকা আভ্যন্তৰীণ কন্দল বুজাবুজিৰ মাজেৰে সমাধান কৰি আগন্তুক দিনত জাতিৰ হকে নিস্বাৰ্থভাৱে সংগঠনৰ সাংগঠনিক কাম সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলোৱে সংকল্প লয় ৷ এই সন্দৰ্ভত বিয়লি সংগঠনটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে এই কথা সদৰি কৰে ৷ সভাপতি ৰায়ে সংবাদমেলত কয় যে ইতিমধ্যে সংগঠনটোৰ মজিয়াত যি আভ্যন্তৰীণ কন্দল চলি আছিল সেয়া বিভিন্ন জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ নেতৃত্বৰ মতামতৰ ভিত্তিত সমস্যাসমূহ এই সভাৰ জৰিয়তে সমাধান কৰা হয় ৷

লগতে জাতিটোৰ স্বাৰ্থত কিছুমান কথাত লাগি নাথাকি কেনেকৈ জাতিটোৰ সমস্যাসমূহ সমাধান কৰিবলৈ আগুৱাই যাব পাৰো আৰু চৰকাৰৰ ওচৰত কেনেকৈ দাবীসমূহ উত্থাপন কৰিব পাৰো তাৰ ওপৰত গুৰুত্বাৰোপ কৰা হয় ৷ আনহাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী সন্দৰ্ভত সভাপতিগৰাকীয়ে কয় যে বিজেপি চৰকাৰে ইতিমধ্যে ৰাজ্য সভাত বিধেয়কখন উত্থাপন কৰি ৰাখি থৈছে ৷ সেয়ে যদি তেওঁলোকৰ সদিচ্ছা আছে তেতিয়াহ'লে অতি শীঘ্ৰে বিধেয়কখন লোক সভাত উত্থাপন কৰক আৰু জনজাতিকৰণৰ প্ৰক্ৰিয়াখিনি আগুৱাই নিয়ক বুলিও কয় ৷ ইপিনে সভাত ২৯ জুলাইত পালন কৰিবলগীয়া আক্ৰাছুৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপনৰ বিষয়েও আলোচনা হয় আৰু আলোচনামৰ্মে বঙাইগাঁওস্থিত মুখ্য কাৰ্যালয় প্ৰাংগণতে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সংবাদ মেলত সভাপতিগৰাকীয়ে উল্লেখ কৰে ৷ সভাপতিগৰাকীয়ে সভাত পূৰ্বৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনৰ অপসাৰণৰ সিদ্ধান্তটো উঠাই লৈ পুনৰ একেটা পদতে গোকুল বৰ্মনক বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলিও কয় ৷ একেদৰে উপ সভাপতি মুকুল বৰুৱাকো একেটা পদতে বাহাল ৰাখে ৷

আনহাতে সংবাদ মেলত উপস্থিত থকা সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে যোৱা লোক সভা নিৰ্বাচনৰ লগত সংগতি ৰাখি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মাজত এটা আভ্যন্তৰীণ সংঘাত চলি আছে ৷ এই সংঘাত নিৰাময় কৰাৰ কাৰণে যোৱা কাৰ্যনিৰ্বাহক সভাত আমি উভয় পক্ষই হিতেশ্বৰ বৰ্মন আৰু প্ৰচাৰ সম্পাদক কৰ্মেশ্বৰ ৰায়ক দায়িত্ব অৰ্পণ কৰি দুয়োখন সমিতিকে যৌথভাৱে সভা আহ্বান কৰিবলৈ দায়িত্ব অৰ্পণ কৰাৰ ফলস্বৰূপে আজি সকলোৱে সভাত আলোচনা- বিলোচনা কৰি বৃহত্তৰ জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ স্বাৰ্থত আৰু জনগোষ্ঠীটোৱে লাভ কৰিবলগীয়া প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ প্ৰতিফলত সকলো মতানক্য পৰিহাৰ কৰা হয় ৷ কাৰণ এক মাত্ৰ আমাৰ মাজত একতা নথকাৰ বাবেই বিভিন্ন চক্ৰান্তকাৰীসকলে সুবিধা লাভ কৰি আছিল আৰু ইয়াৰ ফলত আজি আমি জনজাতিকৰণ আৰু কমতাপুৰৰ দাবীৰ পৰা বহুদূৰ বঞ্চিত হৈ থাকিবলগীয়া হৈছে ৷

শেহতীয়াভাৱে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই এই কথাটো হৃদয়ংগম কৰি সকলো জিলা সমিতি আৰু কেদ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত সিদ্ধান্ত গ্ৰহণ কৰিছো যে আমাৰ মাজত যি অন্তঃকন্দল আছিল সেয়া নিৰাময় কৰি আকৌ আমাৰ পূৰ্বৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু উপদেষ্টা হিতেশ্বৰ বৰ্মনক পূৰ্বৰ পদতে বাহাল ৰখা হ'ব ৷ সেই অনুসৰি আমাৰ ফালৰ পৰা পূৰ্বে সভাপতি অৰুণ কুমাৰ ৰায় আৰু উপদেষ্টা হিতেশ্বৰ বৰ্মনক অব্যাহতি আৰু বহিস্কাৰৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেয়া উঠাইলৈ পুনৰ তেওঁলোকক পূৰ্বৰ পদতে বাহাল ৰখা হয় ৷ সংবাদ মেলত আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে লগতে কয় যে জনজাতিকৰণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে বৰ্তমান সময়ত প্ৰতিশ্ৰুতি প্ৰদান কৰিও আকৌ ওলোটা খোৰ মৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ এই ক্ষেত্ৰত আমি স্পষ্টভাৱে ক'ব বিচাৰিছো যে লোক সভা নিৰ্বাচনৰ আগমূহুৰ্তত দিয়া প্ৰতিশ্ৰুতিসমূহ এক বিন্দু সময় নষ্ট নকৰি অচিৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক ৷ যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰি আগন্তুক দিনত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম বুলিও কয় ৷ উল্লেখ্য যে সংবাদ মেলত সভাপতি আৰু সাধাৰণ সম্পাদকসহ অন্যান্য বিষয়ববীয়াসকলে আক্ৰাছুৰ মজিয়াত চলি থকা আভ্যন্তৰীণ কন্দলৰ মূল বিষয়টোৰ পৰা ফালৰি কাটি থকাৰ ববে চেষ্টা চলোৱা পৰিলক্ষিত হয় ৷ কিন্তু সংবাদ মেলত সমস্যাটো নিৰাময় হোৱা বুলি সভাপতি আৰু সাধাৰণ সম্পাদকে প্ৰকাশ কৰিলেও একাংশ আক্ৰাছু নেতা- কৰ্মীয়ে ভিতৰি ভিতৰি বিষয়টো মানি ল'ব পৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে ৷

তাৰোপৰি সাধাৰণ সম্পাদক গোকুল বৰ্মনৰ মন্তব্য হাস্যকৰ হিচাপে বিৱেচিত হৈছে ৷ কাৰণ সংগঠন এটাৰ সভাপতিয়ে কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি সাধাৰণ সম্পাদক আদিক পদৰ পৰা অপসাৰণ কৰিব পাৰে যদিও সাধাৰণ সম্পাদকে সংগঠন এটাৰ সভাপতি আৰু উপদেষ্টাক অব্যাহতি তথা বহিস্কাৰ কৰা ঘটনা কেৱল আক্ৰাছুৰ মজিয়াতে সংঘটিত হৈছিল ৷ সংবাদ মেলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়ে সাধাৰণ সম্পাদক গোকুল বৰ্মনক অপসাৰণ কৰাৰ পূৰ্বৰ সিদ্ধান্তটো বাতিল কৰি পুনৰ একেটা পদতে বাহাল ৰখা বুলি প্ৰকাশ কৰাৰ পিছত সাধাৰণ সম্পাদক গোকুল বৰ্মনেও আকৌ সভাপতি অৰুণ কুমাৰ ৰায় আৰু উপদেষ্টা হিতেশ্বৰ বৰ্মনৰ বিৰুদ্ধে গ্ৰহণ কৰা অব্যাহতি আৰু বহিস্কাৰৰ সিদ্ধান্ত উঠাইলৈ একেটা পদতে বাহাল ৰখা বুলি মন্তব্য কৰে ৷ সংবাদ মেলত আক্ৰাছুৰ ভালে সংখ্যক নেতা উপস্থিত আছিল ৷

Your Comments