দিল্লীৰ পৰা নাং কৃষ্টিপ্রিয়া গগৈ
দিল্লীৰ অসম হাউত অপমানজনক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। দিল্লীৰ অসম হাউছত তেওঁক পাতিব নিদিলে সংবাদমেল। যাৰ ফলত দিল্লীৰ ৰাজপথতে সংবাদমেল সম্বোধন কৰিব লগা হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। আজি দিনৰ প্ৰায় ২.৩০ বজাত অসম চৰকাৰৰ নিৰ্দেশত দিল্লীৰ অসম হাউছ কৰ্তৃপক্ষই দিল্লীৰ অসম হাউছতে যোৱা তিনিদিন ধৰি বাহৰ পাতি থকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক নিজৰ কোঠাত সংবাদমেল সম্বোধন কৰিবলৈ অনুমতি নিদিলে। যাৰ ফলত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজপথতে সংবাদমেল সম্বোধন কৰিব লগা হ'ল ।
সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ এই কাৰ্যক ‘স্বৈৰাচাৰী’ বুলি আখ্যা দি তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।
- Log in to post comments
- 32 views