১৭ আগষ্টৰ পৰা ৰুবেলা প্ৰতিষেধক চিটা প্ৰদান অভিযান

১৭ আগষ্টৰ পৰা ৰুবেলা প্ৰতিষেধক চিটা প্ৰদান অভিযান

অহা ১৭ আগষ্টৰ পৰা আৰম্ভ হ'ব মিছেলছ ৰুবেলা প্ৰতিষেধক চিটাকৰণ শিবিৰ ৷ এই বিষয়ে শনিবাৰে কামৰূপ মহানগৰ প্ৰশাসনৰ উদ্যোগত উপায়ুক্ত কাৰ্যালয়ত আয়োজিত এক সংবাদমেলাত সদৰী কৰা হয় ৷

তেওঁলোকে প্ৰকাশ কৰামতে, প্ৰতি বছৰে ৪৯,০০০ শিশুৱে এই ৰোগৰ বাবে মৃত্যুক আঁকোৱালি ল'বলগা হয় । সেয়েহে এই ৰোগ প্ৰতিৰোধৰ উদ্দেশ্যে অসম চৰকাৰে এই বিশেষ পদক্ষেপ হাতত লৈছে ।

১৭ আগষ্টৰ পৰা ৰুবেলা প্ৰতিষেধক চিটা প্ৰদান অভিযান

এই প্ৰতিষেধক চিটা ৯ মাহ বয়সৰ পৰা ১৫ বছৰ বয়সৰ সকলো কিশোৰ-কিশোৰীয়ে ল'ব পাৰিব । শীঘ্ৰে মহানগৰীৰ প্ৰতিখন চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত এই প্ৰতিষেধক চিটা প্ৰদান আৰম্ভ কৰা হ'ব ।

সংবাদমেলৰ যোগেদি প্ৰশাসনে সকলো অভিভাৱকলৈ সহায়-সহযোগিতাৰ আহ্বান জনাইছে । আনহাতে, এই ৰোগবিধৰ বিষয়ে ছ'চিয়েল নেটৱৰ্কিং ছাইটত কোনো অপপ্ৰচাৰ নচলাবলৈও তেওঁলোকে সকলোৰে প্ৰতি আহ্বান জনাইছে ৷

Your Comments