লোকসভাত ধৰ্মীয় ধ্বনি দিবলৈ দিয়া নহ'ব-অধ্যক্ষ ওম বিৰলা

birla

সপ্তদশ লোকসভালৈ নিৰ্বাচিত হৈ অহা সাংসদসকলে শপত গ্ৰহণ কৰাৰ সময়ত একাংশ সাংসদে ধৰ্মীয় ধ্বনি দিছিল।কোনোৱে 'জয় শ্ৰীৰাম' ধ্বনি দিছিল আৰু কোনোৱে 'আল্লা হু আকবৰ'।এই সন্দৰ্ভত লোকসভাৰ নতুন অধ্যক্ষ ওম বিৰলাই গুৰুত্বপূৰ্ণ বক্তব্য প্ৰকাশ কৰিছে।


সাংবাদিকৰে এটা সাক্ষাৎকাৰত বিৰলাই কয় যে তেওঁ লোকসভা চলাওঁতে কোনো সাংসদকে ধৰ্মীয় ধ্বনি দিবলৈ অনুমতি প্ৰদান নকৰে।বিৰলাই কয় যে সংসদ এনে ধ্বনি দিয়াৰ স্থান নহয়।নীতি-নিয়ম সম্পূৰ্ণভাৱে পালন কৰি লোকসভা চলাব বুলি বিৰলাই মন্তব্য কৰে।

Your Comments