সংসদৰ যুটীয়া অধিৱেশনত ভাষণ: ২০২২ চনলৈকে নতুন ভাৰতবৰ্ষৰ ৰূপৰেখা দাঙি ধৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

president

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি সংসদৰ যুটীয়া অধিৱেশনত ভাষণ প্ৰদান কৰে।ভাষণ প্ৰসংগত তেওঁ কয় যে সকলোৰে সংগ আৰু সকলোৰে বিকাশেই চৰকাৰৰ লক্ষ্য।ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ২০২২ চনলৈকে নতুন ভাৰতবৰ্ষৰ ৰূপৰেখা দাঙি ধৰে য'ত কৃষি,কৰ্মসংস্থাপন,দেশৰ সুৰক্ষা,বৈদেশিক নীতি আদি বিষয়সমূহ আছে।

 

ৰাষ্ট্ৰপতিয়ে কয় যে দেশৰ জনতাই ২০১৪ চনতকৈও অধিক সংখ্যাগৰিষ্ঠতা প্ৰদান কৰি এনডিএ চৰকাৰৰ বিকাশৰ গতিক অধিক ত্বৰান্বিত কৰাৰ দিশত মতদান কৰিছে।ভাষণ প্ৰসংগত ৰাষ্ট্ৰপতি কোবিন্দে বিগত লোকসভা নিৰ্বাচন সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক আৰু ইয়াৰ লগত জড়িত বিভিন্ন পক্ষক ধন্যবাদ জ্ঞাপন কৰে।সপ্তদশ লোকসভাত ৭৮ গৰাকী মহিলা নিৰ্বাচিত হৈ অহাটোৱে ভাৰতৰ এখন নতুন ছবি দাঙি ধৰিছে বুলি তেওঁ কয়।

 

বিগত লোকসভা নিৰ্বাচনত ৬১ কোটি নাগৰিকে ভোট দি অভিলেখ স্থাপনেৰে বিশ্বত ভাৰতীয় গণতন্ত্ৰৰ গৌৰৱ বৃদ্ধি কৰিছে বুলি ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে।ইয়াৰ বাবে দেশৰ ভোটদাতাসকল ধন্যবাদৰ পাত্ৰ বুলি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয়।

Your Comments