প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীয়ে এটা প্ৰধান বিষয় হিচাপে গ্ৰহণ কৰা 'এখন দেশ-এটা নিৰ্বাচন' বিষয়ত দেশৰ ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনা কৰিবলৈ বুধবাৰে বৈঠক আহ্বান কৰা হৈছে।সংসদৰ পুথিভঁৰালত বিয়লি ৩ বজাত প্ৰধানমন্ত্ৰী মোডীয়ে আহ্বান জনোৱা বৈঠকলৈ সকলো প্ৰমুখ ৰাজনৈতিক দলক নিমন্ত্ৰণ জনোৱা হৈছে।
অৱশ্যে,বৈঠকত উপস্থিত নাথাকে বুলি স্পষ্টভাৱে কৈ দিছে তৃণমূল কংগ্ৰেছ প্ৰমুখ মমতা বেনাৰ্জীয়ে।
বিএছপি প্ৰমুখ মায়াৱতীয়েও 'এখন দেশ-এটা নিৰ্বাচন' নীতিৰ আধাৰত লোকসভা আৰু বিধানসভা নিৰ্বাচন একে সময়তে অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰিছে।আনহাতে,ৰাহুল গান্ধীও বৈঠকত উপস্থিত থাকে-নাথাকে,সেইটো অনিশ্চিত হৈ আছে।
- Log in to post comments
- 23 views