সোমবাৰৰ পৰা আৰম্ভ হৈছে সপ্তদশ লোকসভাৰ প্ৰথমখন অধিৱেশন।অধিৱেশনখনত উত্থাপন হোৱাৰ সম্ভাৱনা নাই নাগৰিকত্ব সংশোধনী বিধেয়কখন।কাৰণ,প্ৰথমটো কাৰ্যকালত এনডিএ চৰকাৰে সংসদত গৃহীত কৰিব নোৱাৰা যিসমূহ বিধেয়ক চলিত লোকসভাৰ অধিৱেশনত উত্থাপন কৰাৰ কথা আছে,তাৰ তালিকাত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ উল্লেখ নাই।
উল্লেখ্য যে বিজেপি অধ্যক্ষ তথা গৃহমন্ত্ৰী অমিত শ্বাহে পূৰ্বে ঘোষণা কৰিছিল যে এনডিএ চৰকাৰে 'কেব' সংসদত পুনৰ উত্থাপন কৰিবই।
- Log in to post comments
- 4 views