বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্ৰতিবেদন:
স্বেচ্ছাসেৱী সংস্থা স্মাইলছ’ৰ উদ্যোগত গুৱাহাটীস্থিত শংকৰদেৱ নেত্ৰালয়ৰ সহযোগত আজি নলবাৰী জিলাৰ পশ্চিম বড়িগোগ লহকৰপাৰা হাইস্কুল প্ৰাংগণত এটি বিনামূলীয়া চকু পৰীক্ষণ শিবিৰ আৰু বৃক্ষৰোপন কাৰ্য্যসূচী অনুস্থিত কৰা হয়। ৰাষ্ট্ৰীয় অন্ধতা নিয়ন্ত্ৰণ অভিযানৰ অধীনত আয়োজিত উক্ত শিবিৰটো উদ্বোধন কৰে কামৰূপ (মহানগৰ) জিলা সাহিত্য সভাৰ সভানেত্ৰী মৃনালিনী দেৱীয়ে৷ উক্ত অনুস্থানত সন্মানীয় অতিথি হিচাবে উপস্থিত থাকে অখিল ভাৰতীয় সাহিত্য সভাৰ সভাপতি ধীৰেন শৰ্মা৷ স্মাইলছ’ৰ সহযোগি সদস্য দাদুল দত্ত লহকৰে আঁতধৰা অনুষ্ঠানটোত দেহাৰকুছি গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য ফনীনাথ লহকৰ, শংকৰদেৱ নেত্ৰালয়ৰ বানিজ্যিক প্ৰৱন্ধক চৈয়দ চাজিৰ ৰহমান, স্মাইলছ’ৰ সভাপতি চিৰঞ্জীৱ লহকৰ, সচিব বিদ্যাধৰ দাস, কোষাধ্যক্ষা প্ৰনিতা মজুমদাৰ, উপসভাপতি শকুন্তলা বসুমতাৰী, সদস্য সত্যজিত লহকৰ, সদস্যা পূৰ্ণিমা মজুমদাৰকে আদি কৰি কেইবাজনো কৰ্মকৰ্তা উপস্থিত থকা শিবিৰত অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ১৫০ গৰাকী ৰোগীৰ চকু পৰীক্ষা কৰা হয়। ইয়াৰ ভিতৰত কেইবাগৰাকী ৰোগীৰ চকুৰ কেতেৰেগ চিনাক্ত কৰি তেওঁলোকৰ চকুৰ কেতেৰেগ পৰৱৰ্তী সময়ত সংস্থাটোৱে বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰিব বুলি জানিবলৈ দিছে৷
আজিৰ চকু পৰীক্ষণ শিবিৰত শংকৰদেৱ নেত্ৰালয় চিকিৎসক ডা° হেলেন জাভেৰি, ডা° ৰিদ্ধি ৰয়চৰিয়াই ৰোগী সকলৰ চকু পৰীক্ষত কৰে৷ তদুপৰি উক্ত শিবিৰৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ চৌহদত বৃক্ষৰোপণ কাৰ্য্যসূচীও ৰূপায়িত কৰে।
- Log in to post comments
- 25 views