নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
বেবেজীয়া চাৰিআলি । নগাঁও চহৰৰ পৰা প্ৰায় ১০
কিল'মিটাৰ নিলগৰ পশ্চিম প্ৰান্তত অৱস্থিত এক ঐতিহাসিক স্থান । এই চাৰিআলিৰ পৰা ২০০ মিটাৰ নিলগতে আছে বেবেজীয়া ১নং বুঢ়া নামঘৰ । ১৮৫১ চনতে প্ৰতিষ্ঠা হোৱা এই নামঘৰৰ অহা ৰবিবাৰে নতুনকৈ নিৰ্মিত মণিকূটত সিংহাসন স্থাপন কৰা হ'ব বুলি নামঘৰ পৰিচালনা সমিতিৰ সভাপতি অনন্ত হাজৰিকা আৰু সম্পাদক নাৰায়ণ হাজৰিকাই NewsASNক জনাইছে ।
ৰাইজৰ দান-বৰঙণিৰে নতুনকৈ নামঘৰটি নিৰ্মাণ কৰি তোলাৰ লগতে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।
সিংহাসন প্ৰতিষ্ঠাৰ কাৰ্যসূচী অনুসৰি ৰবিবাৰে প্ৰাতঃ প্ৰসংগ,ঊষা কীৰ্ত্তন, পতাকা উত্তোলন,বন্তি প্ৰজ্বলনৰ অন্তত ধৰ্মীয় ৰীতি-নীতিৰে নামঘৰৰ মণিকূটত সিংহাসন প্ৰতিষ্ঠা কৰা হ'ব । ইয়াৰ পাছতে মূৰ্তি উন্মোচন,শৰাই উৰ্চগা, নাম-খোল প্ৰসংগ আৰু দাতাসকলক সম্বৰ্ধনা জনোৱা হ'ব । নিশা বিশিষ্ট সমাজকৰ্মী তথা পৰিচালক নাৰায়ণ হাজৰিকাৰ পৰিচালনাত অংকীয়া নাট
"ভক্ত প্ৰহ্লাদ মঞ্চস্থ কৰা হ'ব বুলি উদ্যোক্তাসকলে লগতে জনাইছে ।
- Log in to post comments
- 88 views