মাজুলীৰ লোহিত নদীৰ পাৰত কি কৰিব জুবিন গাৰ্গে ?  জানিবলৈ ক্লিক কৰক -

zubin

মাজুলীৰ বিশেষ প্ৰতিনিধি,৬ জুন:

যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে বৃহস্পতিবাৰে ৰাতিপুৱা মাজুলীৰ লোহিত নৈৰ পাৰত প্ৰায় পঞ্চাশ জোপা গছ পুলি ৰোপণ কৰে । মাজুলীৰ জুবিন ফেন্স ক্লাৱৰ সহযোগত অনুষ্ঠিত হোৱা গছ পুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিল্পী জুবিন গাৰ্গে  কাঞ্চন, পাইন,নাহৰ আদি বিভিন্ন প্ৰজাতিৰ মূল্যৱান গছ পুলি ৰোপন কৰি সেউজ মাজুলী গঢ় দিয়া প্ৰচেষ্টাৰ শুভাৰম্ভণি ঘটায়। zubin2

গছ পুলি ৰোপন কাৰ্যসূচী সম্পন্ন কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কয় যে মাজুলীৰ লোহিত নৈ পাৰৰ প্ৰায় চাৰি বিঘা ভূমি অংশত শীঘ্ৰে কাঞ্চনজংগা নামৰ এক ৰিজৰ্ট খোলা হ'ব । এই গছ পুলি ৰোপণ সেই উদ্দেশ্যৰো এক অংশবিশেষ বুলি শিল্পী গৰাকীয়ে মত প্ৰকাশ কৰে। আজিৰ এই কাৰ্য্যসূচীত শিল্পী পবিত্ৰ ৰাভা তথা তেওঁৰ বহু কেইগৰাকী সহকৰ্মী তথা অজস্ৰ গুণমুগ্ধই অংশগ্ৰহণ কৰে । উল্লেখ্য যে এই গছ পুলি ৰোপন কৰাৰ উদ্দেশ্যেই কালি আবেলিৰ ভাগত জনপ্ৰিয় শিল্পীগৰাকী মাজুলীত উপস্থিত হৈছিল ।

Your Comments