৯ গৰাকী শিক্ষাৰ্থীৰ স্থান লাভেৰে উজলি উঠিল কে চি দাস কমাৰ্চ কলেজ আৰু গুৱাহাটী কমাৰ্চ কলেজ

commerce

নিউজ ডেস্ক :

ঘোষিত হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল।বাণিজ্যিক শাখাত শীৰ্ষ দহটা স্থানত উজলিল গুৱাহাটী মহানগৰীৰ দুখনকৈ মহাবিদ্যালয়।৬ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ শীৰ্ষ দহটা স্থান লাভেৰে উজ্বলি উঠিল গুৱাহাটীৰ কে চি দাস কমাৰ্চ কলেজ।ৰাজ্যৰ ভিতৰতে ৪৬৮নম্বৰ লাভেৰে ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থানত উজলিল মহাবিদ্যালয়খনৰ আয়ুসী জৈন।৪৫৮ নম্বৰ লাভেৰে সপ্তম স্থানত উজলিল কলেজখনৰ সঞ্চিকা চাওলা।৪৫৭ নম্বৰেৰে অষ্টম স্থানত জিলিকিল দিশা জৈন।৪৫৪ নম্বৰেৰে  দশম স্থানত উজলিল মহাবিদ্যালয়খনৰ তিনিগৰাকীকৈ মেধাৱী বিদ্যাৰ্থী মুছকান পাচিসা,জগ্ৰোতি ছেট্টি আৰু ইসিকা আগৰৱালা।commerce2

আনহাতে,মহানগৰীৰ অন্য এখন বাণিজ্যিক মহাবিদ্যালয়  গুৱাহাটী কমাৰ্চ কলেজৰ তিনিগৰাকীকৈ মেধাৱী শীৰ্ষ দহটা স্থানত উজলি উঠিবলৈ সক্ষম হৈছে। সেই অনুসৰি ৪৬৫ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে তৃতীয় স্থানত উজলি উঠিছে নেহা আগৰৱালা। ৪৬১ নম্বৰেৰে চতুৰ্থ স্থানত উজলি উঠিছে অৰুণাভ নাথ।৪৬০ নম্বৰেৰে পঞ্চম স্থানত থাকে ৰাহুল ৰয়।

উল্লেখ্য যে এইবাৰ মুঠ ১৮গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে বাণিজ্যিক শাখাত ৰাজ্যখনৰ ভিতৰত শীৰ্ষ দহটা স্থান স্থান পাবলৈ সক্ষম হৈছে।

Your Comments