ৰঙিয়াৰ প্ৰতিবেদক :
বিজেপি দলে লোকসভা নিৰ্বাচনত বৃহৎ বিজয় সাব্যস্ত কৰাৰ উপলক্ষত মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া চহৰত আজি ৰঙিয়াৰ স্থানীয় বিধায়ক তথা মন্ত্রী ভবেশ কলিতাৰ নেতৃত্বত এক বৃহৎ সমদল উলিয়াই বিজয় উৎসৱ পালন কৰে। বিজয় উৎসৱক সন্মুখৰ পৰা নেতৃত্ব দি মন্ত্ৰী ভবেশ কলিতাই সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দলীয় নেতা কৰ্মী সকলৰ এয়া কষ্টৰ ফল বুলি মন্তব্য কৰি তেওঁলোকৰ কৃতজ্ঞতা প্ৰকাশ কৰে।
এই বিজয় উৎসৱত ৰঙিয়া বিজেপিৰ প্ৰদীপ কাকতি,দ্বীপেন চক্ৰৱৰ্তী, মিতুল কলিতা আদি ভালে সংখ্যক নেতা কৰ্মী উপস্থিত থকাৰ লগতে অসম গণ পৰিষদ দলৰ হৈ নতুনকৈ দলটোত যোগদান কৰা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা ,অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অৰ্ণৱ ভৰালী আৰু অগপ যুৱ নেতা দ্বীপেশ দাস আদি নেতৃবৃন্দই অংশগ্ৰহণ কৰে।
- Log in to post comments
- 29 views