অসমীয়া আৰু অসমীয়াত্ব ৰক্ষাৰ বাবে সদায় মৰণপন যুঁজ দি যাম - প্ৰদ্যুৎ বৰদলৈ

praduyt

 মৰিগাঁৱৰ পৰা জিতুমণি নাথ


'এয়া হৈছে  নৈতিকতাৰ জয়। অসমত অসমীয়া আৰু অসমীয়াত্ব ৰক্ষাৰ বাবে মই সদায় মৰণপন যুঁজ দি যাম।' এই মন্তব্য নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ। 

কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ মাজত সৃষ্টি হোৱা তীব্ৰ ভোটযুঁজৰ অন্তত ১৬,৭৫২ টা ভোটৰ ব্যৱধানত জয়ী হোৱা নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী  বৰদলৈয়ে মৰিগাঁৱত কালি নিশা সংবাদ মাধ্যমৰ আগত কয় -'বিজেপিৰ প্ৰত্যাহ্বানক ওফৰাই নগাঁওবাসীয়ে মোক আস্থাত লৈ জয়ী কৰোৱাৰ বাবে নগাঁৱৰ সমূহ ভাষাভাষী,জাতি- জনগোষ্ঠীৰ সকলো শ্ৰেণীৰ লোকলৈ কৃতজ্ঞতা জনাইছোঁ। কিয়নো ইমান নিকৃষ্ট ৰাজনীতি,ইমান বোকা ছটিওৱা,নিকৃষ্ট গালিগালাজ,বিভিন্ন ধৰণৰ কথা কোৱা এই বিলাকৰ ৰাজনীতিৰ উপৰিও ধৰ্মীয় মেৰুকৰণে আমাৰ মানুহবিলাকক ভাগ ভাগ কৰি আমাৰ সমাজখন তথা অসমখনক পিছুৱাই  লৈ যাবলৈ যিধৰণৰ নিকৃষ্ট চেষ্টা কৰিছে,নগাঁওবাসীয়ে তাক প্ৰত্যাখান কৰিছে।সেইটো কাৰণে মই নগাঁওবাসীৰ ওচৰত আজি ভীষণভাৱে কৃতজ্ঞ।নিৰ্বাচনৰ ফলাফলত আমাৰ বিপৰ্য্যয় হৈছে। সেইটো সঁচা কথা। সাম্প্ৰদায়িক ৰাজনীতিয়ে আমাক গ্ৰাস কৰি পৰিৱেশ একেবাৰে বিষময় কৰি তুলিছে।এইটো বৰ দুৰ্ভাগ্যজনক কথা।ৰাইজৰ মৌলিক সমস্যাক সম্পূৰ্ণৰূপে নস্যাৎ কৰি এক মাত্ৰ হিন্দু- মুছলমানৰ ৰাজনীতি কৰিয়েই ভোটৰ বৈতৰণী পাৰ কৰিবলৈ চেষ্টা কৰিলে। এনেকোৱা ধৰণৰ ৰাজনীতি চিৰস্থায়ী নহয়।আমি যুদ্ধ কৰিম।এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতিক আমি পৰাস্ত কৰিম।অসমত অসমীয়া আৰু অসমীয়াত্ব নিৰ্মূল কৰিবলৈ বিজেপি আৰু আৰএছএছে যিটো চক্ৰান্ত কৰিছে,সেই চক্ৰান্তৰ বিৰুদ্ধে মই যুঁজ দি যাম। মই অসমৰ হৈ,উত্তৰ-পূৰ্বাঞ্চলৰ হৈ সৰ্ব্বভাৰতীয় ৰাজনীতিত অসমীয়াত্ব ৰক্ষাৰ বাবে সদায় মৰণপন যুঁজ দিম।'

উল্লেখ্য যে নগাঁও লোকসভা সমষ্টিৰ ফলাফলত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ১৬,৭৫২ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে।ফলাফলত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৭,৩৯,৭২৪ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই লাভ কৰে ৭,২২,৯৭২ টা ভোট। এই ফলাফলৰ ভিতৰত মৰিগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে সামগ্ৰিকভাৱে ৯,৭৮১ টা ভোটৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত লাহৰীঘাট বিধানসভা সমষ্টিত কংগ্ৰেছে ১,০৮,৮২৪ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰে ৪১,৪৬৮ টা ভোট।ফলত  কংগ্ৰেছ দলে  ৬৭,৩৫৩ টা ভোটৰ অগ্ৰগতি লাভ কৰে। মৰিগাঁও বিধানসভা সমষ্টিত কংগ্ৰেছে  ৫৮,৬৯৮  টা ভোট লাভ কৰাৰ বিপৰীতে  বিজেপিয়ে লাভ কৰে ৮৭,০৫৯  টা ভোট।ফলত বিজেপিয়ে ২৮,৩৬১ টা ভোটৰ অগ্ৰগতি লাভ কৰে। একেদৰে জাগীৰোড বিধান সভা সমষ্টিত বিজেপিয়ে ১,০৩,৯২৯ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰে ৭৪,৭১৫ টা ভোট। ফলত বিজেপিয়ে ২৯,২১৪ টা ভোটৰ অগ্ৰগতি লাভ কৰে।

ইফালে,নগাঁও লোকসভা সমষ্টিত মুঠ ১০,৭৫৭ টা  ন'টা ভোটৰ ভিতৰত মৰিগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টিত মুঠ ৩,২৭৪ টা ভোট ন'টা ভোটত পৰে।ইয়াৰে লাহৰীঘাট বিধানসভা সমষ্টিত ৯০৫ টা,জাগীৰোড বিধান সভা সমষ্টিত ১,২৯৫ টা আৰু মৰিগাঁও বিধান সভা সমষ্টিত ১,০৭৪ টা পৰে।

Your Comments