উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কেনেকৈ লাভ কৰিব ? জানিবলৈ ক্লিক কৰক-

নিউজ ডেস্ক :

দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ ফলাফলৰ ঠিক পিছতেই শনিবাৰে (২৫ মে'ত) ঘোষণা কৰা হ'ব বিদ্যাৰ্থী জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ পৰীক্ষা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ  ফলাফল।পৰীক্ষা শেষ হোৱাৰ ৭১ দিনৰ ভিতৰত এইবাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল।


উল্লেখ্য যে কাইলৈ পুৱা ৯ বজাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল।প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে যাতে কাইলৈ নিজৰ ফলাফল সহজতে লাভ কৰিব পাৰে,তাৰ বাবে  অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ফলাফল ঘোষণাৰ বাবে নিৰ্দিষ্ট কৰিছে ১৩ টাকৈ ৱেবছাইটৰ। সেই ৱেবছাইটকেইটা হৈছে - hsinfo.in, ahsec.nic.in, indiaresults.com, knowyourresult.com  , examresults.net, results.shiksha, exametc.com, schools9.com, assamresults.in, iresults.net, eduassam.com, assam.shiksha, assamonline.in । ইয়াৰ উপৰিও পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে 'Via app' নামৰ এটা মোবাইল এপ'ছৰ জৰিয়তেও কাইলৈ ফলাফল ঘোষণা কৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। সেই এপ'ছৰ জৰিয়তে ফলাফল লাভ কৰিবলৈ হ'লে প্ৰথমে গুগল প্লে' ষ্ট'ৰৰ পৰা নিৰ্দিষ্ট এপ'ছটো নিজৰ মোবাইলত ডাউনলোড কৰিব লাগিব। তাৰ পিছত পৰীক্ষাৰ এডমিটত থকা ৰেজিছট্ৰেছন নম্বৰ আৰু নিজৰ ৰোল নম্বৰ টাইপ কৰি লাভ কৰিব পাৰিব নিজৰ ফলাফল।

উল্লেখ্য যে এইবাৰ ৰাজ্যৰ মুঠ ২,৪২,৮৪৩ গৰাকী পৰীক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ  হৈছে। তাৰে ১,৮৬,১৮৭ গৰাকী কলা শাখাত, ৩৭,৪৫৫ গৰাকীৰ বিজ্ঞান শাখাত ,১৮,২৯১ গৰাকী বাণিজ্যিক শাখাত আৰু ৯১০ গৰাকী কাৰিকৰী শাখাত অৱতীৰ্ণ হৈছে।একেদৰে এইবাৰ পৰীক্ষা মুঠ ৭৭২টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল।পৰীক্ষাৰ বহীসমূহৰ মূল্যাংকন ৪৮ টা জ'নত সম্পূৰ্ণ কৰা হৈছিল।

Your Comments