গোলাঘাটৰ পৰা মিনাক্ষী ফুকন
পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা লোকসভা নিৰ্বাচনৰ গোলাঘাট সমষ্টিৰ ভোটগণনাই ইতিমধ্যে চতুৰ্থ ৰাউণ্ড অতিক্ৰম কৰিছে। সেই অনুসৰি সমষ্টিটোত কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ১৫৩৬৭ টা ভোট লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদৰ মণি মাধৱ মহন্তই ১৩৭৫৩ টা ,নেছনেল পিপুলছ পাৰ্টীৰ আব্দুল আজিছে ১৪৮ টা, হিন্দুস্তান নিৰ্মাণ দলৰ দিগন্ত কুমাৰ শইকীয়াই ১৭৭ টা ,অসম জন মৰ্চাৰ হাৰিকুল ইছলাম ভূঞাই ৬৫ টা ,স্বতন্ত্ৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়োৱা জিতেন গগৈ আৰু ভাস্কৰ শৰ্মাই ৩৭৬ টা আৰু ১০৪ টাকৈ ভোট লাভ কৰিছে।
- Log in to post comments
- 42 views