নিউজ ডেস্ক :
দেশবাসীৰ চৰম উৎকন্ঠাৰ অৱসান ঘটাই আজি পুৱা ৮বজাৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হ'ল সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ ভোটগণনা।দেশৰ আন আন ৰাজ্যৰ লগতে অসমৰো ১৪টা লোকসভাৰ সমষ্টিৰ ভোটগণনা আজি পুৱা ৮বজাৰ পৰা আৰম্ভ হৈছে। ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভোটগণনা সৰ্বমুঠ ৫০টাকৈ কেন্দ্ৰত কৰা হৈছে। এইবাৰ লোকসভাৰ নিৰ্বাচনত অসমৰ মুঠ ১৪টা সমষ্টিৰ পৰা সৰ্বমুঠ ১৪৫গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।তাৰ ভিতৰত সৰ্বাধিক গুৱাহাটী লোকসভাৰ সমষ্টিৰ পৰা মুঠ ১৭গৰাকীকৈ প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱৰ্তীন হৈছে। গুৰুত্বপূৰ্ণ কথা এই যে ৰাজ্যত তিনিটা পয্যায়ত অনুষ্ঠিত হোৱা এইবাৰৰ লোকসভা নিৰ্বাচনত অসমত সৰ্বমুঠ ৮১.৫২শতাংশ নাগৰিকে ভোটদান কৰিছিল। একেদৰে সমষ্টিৰ হিচাপে ধুবুৰীৰ লোকসভাৰ সমষ্টিতে সৰ্বাধিক ৯০.৬৬শতাংশ ভোটদান সাব্যস্ত হৈছিল। উল্লেখ্য যে এইবাৰ অসমৰ ১৪টা লোকসভা সমষ্টিত সৰ্বমুঠ ২কোটি ১৯লাখ ৯১হাজাৰ ১১২ গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছিল।
- Log in to post comments
- 10 views