নিউজ ডেস্ক:
দেওবাৰে অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সমাপ্তিৰ পিছত কেইবাটাও সংবাদ প্ৰতিষ্ঠান আৰু জনমত সমীক্ষাকাৰী সংস্থাই বিভিন্ন ব্যক্তিগত খণ্ডৰ বাতৰি চেনেলত এক্সিট প'ল প্ৰকাশ কৰে।প্ৰতিটো এক্সিট প'লতে এনডিএই সংখ্যাগৰিষ্ঠতা লাভ কৰিব আৰু পুনৰ মোডী চৰকাৰ গঠন হ'ব বুলি দেখুওৱা হৈছে।'চি ভোটাৰ'ৰ এক্সিট প'লত এনডিএই ২৮৭,ইউপিএই ১২৮,এছপি -বিএছপিয়ে ৪০ আৰু অন্য দলসমূহে ৮৭খন আসন পাব বুলি কোৱা হৈছে।
'জন কি বাত' সংস্থাটোৰ মতে এনডিএই ৩০৫,ইউপিএই ১২৪,এছপি-বিএছপিয়ে ২৬ আৰু অন্যান্য দলসমূহে ৮৭ খন আসন পাব।'ইণ্ডিয়া টুডে এক্সিছ মাই ইণ্ডিয়া'ৰ এক্সিট প'লমতে এনডিএই ৩৩৯-৩৬৫ খন আসন,ইউপিএই ৭৭-১০৮খন ,এছপি-বিএছপিয়ে ১০-১৬ খন আৰু অন্যান্য দলসমূহে ৬৯-৯৫ খন আসন লাভ কৰিব।এতিয়া,২৩ মে'ৰ ভোটগণনাত প্ৰমাণ হ'ব এনে এক্সিট প'লসমূহ কিমান দূৰলৈ নিখুঁত ?
- Log in to post comments
- 10 views